• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অন্তিম যাত্ৰাত কোন মন্দিৰ-মছজিদ-গীৰ্জালৈ নিয়া হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ?

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , November 25, 2020 6:10 pm

2 min read

a gogoi
484
VIEWS
Share on FacebookShare on Twitter

কাইলৈ পুৱাৰ ভাগত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চৰকাৰী বাসভৱনলৈ নশ্বৰ দেহ লৈ যোৱা হ’ব। এই কথা সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই।

তেওঁ আৰু কয় ‘পৰিয়ালৰ কৰিবলগীয়া ধৰ্মীয় প্ৰথাখিনি কৰিব। তাৰ পাছত পৰিয়ালৰ লোকে শেষ বিদায়ৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক সাজু কৰি দিব।

ইপিনে, পুৱা ৯ বজাত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ বাসগৃহৰ পৰা অন্তিম যাত্ৰা আৰম্ভ কৰিব বুলি তেওঁ জানিবলৈ দি লগতে কয় ‘প্ৰথমে ছয়মাইলৰ এটা গীৰ্জালৈ তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব। তাৰ পাছত পোনে পোনে জু-ৰোডৰ কোনো এটা নামঘৰলৈ তেওঁৰ দেহ নিয়া হ’ব। তাৰ পাছত আমবাৰীৰ বুঢ়া মছজিদলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ নশ্বৰ দেহ লৈ যোৱা হ’ব।
তাৰ পাছত শুক্লেশ্বৰ আৰু উগ্ৰতাৰা দেৱালয়লৈ নি তাত সেৱা কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছত পোনে পোনে অন্তেষ্টিক্ৰিয়াৰ বাবে লৈ অনা হ’ব নৱগ্ৰহ দেৱালয়লৈ।‘

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শান্তি, সমন্বয় আৰু ধৰ্ম নিৰপেক্ষতাৰ বলিষ্ঠ নিদৰ্শক আছিল বাবেই এনেদৰে সকলো ধৰ্মৰে ধৰ্মীয় প্ৰতিষ্ঠানলৈ নিয়া হ’ব বুলি ৰিপুন বৰাই জনায়।

তেওঁ কয় ‘সেয়েহে অন্তিম যাত্ৰাত তেওঁৰ আদৰ্শ প্ৰতিফলিত কৰিবৰ বাবে মন্দিৰ, মছজিদ, গীৰ্জা আৰু নামঘৰলৈ তেওঁৰ নশ্বৰ দেহ নিয়া হ’ব।‘

ইতিমধ্যে, শেষকৃত্য অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে নৱগ্ৰহ শ্মশান। পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ শ্মশান চৌহদ। নৱগ্ৰহ শ্মশানৰ তিনি নম্বৰ চিতাখনত সৎকাৰ কৰা হ’ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ।

সৎকাৰৰ পূৰ্বে ইয়াতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব। প্ৰথমতে টাই আহোমৰ পৰম্পৰাগ ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি কৰা হ’ব অন্তিম সৎকাৰ। শৱদেহ দাহনৰ সময়ত সেই স্থানত চৰকাৰ, বিভিন্ন সংগঠন তথা গুণমুগ্ধ উপস্থিত থাকিব পৰাকৈ কৰা হৈছে সকলো ব্যৱস্থা। তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰৰ পৰা অহা লোকৰ বাবে ১০০ খন আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd