এটা-দুটা নহয়, তিনিটা- চাৰিটাও নহয়, একেলগে ৯টাকৈ সন্তান জন্ম দি চাঞ্চল্যৰ সৃষ্টি কৰিছে এগৰাকী মহিলাই।
এই লৈ চিকিৎসাবজ্ঞানীসকলৰ মাজত তুমূল চৰ্চা হৈছে।
আফ্ৰিকা মহাদেশৰ মালিত সংঘটিত হৈছে এই আজৱ কাণ্ড।
দেশখনৰ হালিমা সিস নামৰ এগৰাকী ২৫ বৰ্ষীয়া মহিলাই মঙলবাৰে একেলগে ৯টাকৈ সন্তান জন্ম দিছে।
দেশখনৰ স্বাস্থ্যমন্ত্ৰী ফাণ্টা সিবিয়ে জানিবলৈ দিয়া মতে, হালিমাই ৫জনী কন্যা আৰু ৪টা পুত্ৰসন্তানৰ জন্ম দিছে।
বৰ্তমান সন্তানকেইটাৰ স’তে হালিমা সুস্থ অৱস্থাতে আছে।
হালিমাৰ গৰ্ভাৱস্থাক লৈ বিগত কেইবামাহো চৰ্চা চলিছিল।
গৰ্ভৱতী হোৱাৰ পাছত যেতিয়া হালিমাই চিকিৎসকৰ পৰামৰ্শ ল’বলৈ যায়, তেতিয়া আল্ট্ৰাচাউণ্ডত ৭টা সন্তানৰ অস্তিত্ব ধৰা পৰিছিল।
তাৰপাছত হালিমাক মৰক্কোলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
তাতো আল্ট্ৰাচাউণ্ডত ৭টা সন্তানৰ অস্তিত্ব ধৰা পৰিছিল।
চিকিৎসাৰ বাবে মাৰ্চ মাহৰ পৰা মৰক্কোতে আছিল হালিমা।
হালিমাৰ স্বাস্থ্যৰ কথা ভাবি অস্ত্ৰোপচাৰৰ জৰিয়তেই সন্তান প্ৰসৱৰ সিদ্ধান্ত লয় চিকিৎসকসকলে।
সেইমৰ্মে হস্পিতালৰ প্ৰসৱ বিভাগত ভৰ্তি কৰোৱা হয় হালিমাক।
আৰু তাতে সংঘটিত হয় চাঞ্চল্যকৰ ঘটনাটো।
একেলগে ৯টাকৈ সন্তান প্ৰসৱ কৰে হালিমাই।
অৱশ্যে একেলগে ৯টা সন্তানৰ প্ৰসৱৰ ক্ষেত্ৰত কেৱল হালিমাই প্ৰথম নহয়।
১৯৭১ চনতো অষ্ট্ৰেলিয়াৰ চিডনীত এগৰাকী মহিলাৰ ক্ষেত্ৰত এনে হৈছিল।
কিন্তু জন্মৰ ছদিনৰ পাছতেই সন্তানকেইটাৰ মৃত্যু হৈছিল।
১৯৯৯ চনতো মালয়েছিয়াৰ এগৰাকী মহিলাৰ এনে হৈছিল আৰু অষ্ট্ৰেলিয়াৰ মহিলাগৰাকীৰ সন্তানৰ দৰেই তেওঁৰো সন্তানকেইটাৰ জন্মৰ ছয় ঘণ্টাৰ পাছতে মৃত্যু হৈছিল।