কংগ্ৰেছ সভাপতি পদৰ প্ৰতিদ্বন্দিতাৰ পৰা আঁতৰিল অশোক গেহলট, দ্বিগবিজয় সিং, নতুনকৈ দৌৰত খাৰ্গে

ঘনে পতি সলনি হৈছে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ দৃশ্যপট। ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা জ্যেষ্ঠ দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে অন্তৱৰ্তী সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছতে মনোনয়ন দাখিল কৰিব বুলি জানিব পৰা গৈছে। কংগ্ৰেছ নেতা প্ৰমোদ তিৱাৰীয়ে তেওঁৰ সহকৰ্মী খাৰ্গে দলৰ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিব বুলি নিশ্চিত কৰিছে।

তেওঁ কয় যে তেওঁ আৰু পি এল পুনিয়াই খাৰ্গেৰ প্ৰাৰ্থিত্বৰ প্ৰস্তাৱক হ’ব । ইপিনে বৃহস্পতিবাৰে মনোনয়ন পত্ৰ সংগ্ৰহ কৰা দিগ্বিজয় সিঙে প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছে। লক্ষণীয়ভাৱে খাৰ্গে গান্ধী পৰিয়ালৰ আশীৰ্বাদতসভাপতি নিৰ্বাচনত অৱতীৰ্ণ হ’লে খেল খনেই বেলেগ হৈ পৰিব।

ইপিনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটেও সভাপতিৰ দৌৰৰ পৰা বাহিৰ হোৱাৰ সিদ্ধান্ত লৈছে। অনুমান কৰা হৈছে যে সিঙে খাৰ্গেৰ ঠাইত ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা হিচাপে স্থান লব পাৰে। গেহলটৰ দৰে ‘এক ব্যক্তি, এটা পদ’ সূত্ৰ খাৰ্গেৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি দিগ্বিজয় সিঙে কয় যে তেওঁ মনোনয়ন প্ৰত্যাহাৰ কৰিব। তেওঁকয় “যদি মই জানিলোহেঁতেন যে খাৰ্গেই তেওঁৰ মনোনয়ন দাখিল কৰিব, তেন্তে মই মনোনয়ন দাখিল নকৰিলোহেঁতেন,” ইফালে, কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ শশী থাৰুৰে শুকুৰবাৰে কয় যে নিৰ্বাচনত অৱতীৰ্ণ হোৱা দলৰ নেতাসকলৰ মাজত কোনো “প্ৰতিদ্বন্দিতা” নাই আৰু লগতে কয় যে এয়া এটা “বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতা”।

উল্লেখ্য কালিয়েই ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰিছে যে তেওঁ সভাপতি পদত প্ৰতিদ্বন্দিতা নকৰে। অশোক গেহলটে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিব বুলি কথা ওলোৱাৰ পিছৰে পৰা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ চকী খনলৈ চকু পৰিছিল শচীন পাইলটৰ। ইয়াকেলৈ ৰাজস্থান কংগ্ৰেছত আৰম্ভ হৈছিল বিসম্বাদ। গেহলটৰ সমৰ্থক ৯২ জনকৈ বিধায়কে পদত্যাগ কৰিছিল। তিনিজন বিধায়কক দলেই দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত কৰিছিল।

এনে সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে কয় যে তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ মাজতে গেহলটে নতুন দিল্লীত কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে এখন বৈঠকত মিলিত হয় । ৰাজস্থান কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আৰু ৰাজ্যখনত তেওঁৰ উত্তৰাধিকাৰী নিযুক্তিক লৈ এক বৃহৎ আভ্যন্তৰীণ সংঘাতৰ সৃষ্টি হৈছে। দলৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছত গেহলটে সাংবাদিকক কয় যে দেওবাৰে তেওঁক সমৰ্থন কৰা বিধায়কসকলে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক অমান্য কৰি দলৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ যি পদক্ষেপ লৈছিল তাৰ বাবে তেওঁ ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছিল।