প্ৰধানমন্ত্ৰী মোদীৰ সমালোচনাত মুখৰ হৈ পৰিছে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ।” খাৰ্গেই কয় ত কৰে আৰু কয় যে যদি কংগ্ৰেছে ৭০ বছৰত ইমানবোৰ কাম নকৰিলেহেঁতেন তেন্তে আজি মোদীয়ে ইমান উন্নয়নৰ কথা ক’ব পাৰিলেহেঁতেন নে? মোদীয়ে তেওঁক মানুহে গালি-গালাজ কৰে বুলি দাবী কৰি সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰিছে বুলিও খাৰ্গেই কয়।
নিৰ্বাচনমুখী গুজৰাটৰ জনজাতি অধ্যুষিত নৰ্মদা জিলাৰ দেদিয়াপদত এক ৰাজহুৱা সভাত ভাষণ দি খাৰ্গে কয় যে তেওঁ নিজেই “দৰিদ্ৰ লোকৰ মাজৰ পৰা আহিছে আৰু তেওঁ অস্পৃশ্য জাতিৰ লোক”। তেওঁ কয় যে মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সুধিছে যে ৭০ বছৰত কংগ্ৰেছে কি কৰিছিল? যদি আমি ৭০ বছৰত একো কৰাই নাছিলো , তেন্তে তেওঁলোকে আজিৰ গণতন্ত্ৰ নাপালেহেঁতেন।
খাৰ্গেই কয় ‘ মই আটাইতকৈ দৰিদ্ৰ লোকৰ মাজৰ পৰা আহিছো। অস্পৃশ্য জাতিৰ পৰাও আহিছো। ,” । মোদীক আক্ৰমণ কৰি খাৰ্গেই কয় ” আপুনি এবাৰ বা দুবাৰ মিছা কথা ক’লে মানুহে শুনিব , কিন্তু সদায় আপোনাৰ মিছা কথা নুশুনে, “। তেওঁ অভিযোগ কৰে যে মোদীয়ে “মিছাৰ পিছত মিছা”ই কেৱল কৈ গৈছে। কাৰ্গেই কয় ‘ মোদীয়ে দৰিদ্ৰ লোকৰ ভূমিও লুণ্ঠন কৰি আছে, আদিবাসীসকলক মাটি দিয়া নাই। ভূমি, পানী আৰু অৰণ্য কোনে ধ্বংস কৰিছে? আপুনি আৰু আৰু আপোনাৰ অনুগতসকলে আমাক লুণ্ঠন কৰি আছে,” ।
প্ৰধানমন্ত্ৰী মোদীক উভতি ধৰিলে কংগ্ৰেছৰ নৱ নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেই ।” খাৰ্গেই কয় ত কৰে আৰু কয় যে যদি কংগ্ৰেছে ৭০ বছৰত ইমানবোৰ কাম নকৰিলেহেঁতেন তেন্তে আজি মোদীয়ে ইমান উন্নয়নৰ কথা ক’ব পাৰিলেহেঁতেন নে? মোদীয়ে তেওঁক মানুহে গালি-গালাজ কৰে বুলি দাবী কৰি সহানুভূতি লাভ কৰিবলৈ চেষ্টা কৰিছে বুলিও খাৰ্গেই কয়। নিৰ্বাচনমুখী গুজৰাটৰ জনজাতি অধ্যুষিত নৰ্মদা জিলাৰ দেদিয়াপদত এক ৰাজহুৱা সভাত ভাষণ দি খাৰ্গে কয় যে তেওঁ নিজেই “দৰিদ্ৰ লোকৰ মাজৰ পৰা আহিছে আৰু তেওঁ অস্পৃশ্য জাতিৰ লোক”।
তেওঁ কয় যে মোদী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সুধিছে যে ৭০ বছৰত কংগ্ৰেছে কি কৰিছিল? যদি আমি ৭০ বছৰত একো কৰাই নাছিলো , তেন্তে তেওঁলোকে আজিৰ গণতন্ত্ৰ নাপালেহেঁতেন। খাৰ্গেই কয় ‘ মই আটাইতকৈ দৰিদ্ৰ লোকৰ মাজৰ পৰা আহিছো। অস্পৃশ্য জাতিৰ পৰাও আহিছো। ,” । মোদীক আক্ৰমণ কৰি খাৰ্গেই কয় ” আপুনি এবাৰ বা দুবাৰ মিছা কথা ক’লে মানুহে শুনিব , কিন্তু সদায় আপোনাৰ মিছা কথা নুশুনে, “। তেওঁ অভিযোগ কৰে যে মোদীয়ে “মিছাৰ পিছত মিছা”ই কেৱল কৈ গৈছে।