NORTHEAST NOW (Assamese)

ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানলৈ নাযায় মমতা বেনাৰ্জীঃ নাথাকে তৃণমূলৰ কোনো প্ৰতিনিধি

December 27, 2023 8:58 pm · এন ই নাও নিউজ, গুৱাহাটী

অহা ২২ জানুৱাৰীত অযোধ্যাত অনুষ্ঠিত হ’ব ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠান। ৰাম মন্দিৰক প্ৰধান ইচ্ছ্যু হিচাপে সদায়ে দাঙি ধৰা বিজেপিয়ে এই অনুষ্ঠানৰ বাবে পূৰ্ণপ্ৰস্তুতি চলাইছে।

এই অনুষ্ঠানৰ বাবে দেশৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিৰোধীৰ আগশাৰীৰ নেতাসকলক আমন্ত্ৰণ জনোৱা জনোৱা হৈছে। এই বিষয়ক লৈ ইতিমধ্যে ৰাজনৈতিক বাদানুবাদৰো সৃষ্টি হৈছে।

ইয়াৰ মাজতে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে ৰাম মন্দিৰৰ এই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

লগতে তৃণমূল কংগ্ৰেছে এই অনুষ্ঠানলৈ কোনো প্ৰতিনিধি পঠোৱাৰ সম্ভাৱনা নাই বুলিও সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে এই বিষয়ত তৃণমূলে আনুষ্ঠানিকভাৱে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই।

উল্লেখ্য যে ইয়াৰ পূৰ্বে চিপিআই(এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানৰ আমন্ত্ৰণ নাকচ কৰিছিল।

চিপিআই(এম)- এ বিজেপি আৰু আৰএছএছক গৰিহণা দি এক ধৰ্মীয় অনুষ্ঠানক চৰকাৰী পৃষ্ঠপোষকতাৰ অনুষ্ঠানলৈ ৰূপান্তৰিত কৰিছে বুলি অভিযোগ কৰে।

Related News