• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দলত ৭৮ গৰাকী বিধায়ক থাকিও অকলশৰীয়া মমতা : তৃণমূলৰ ধৰ্ণাত উপস্থিত মাত্ৰ ৬ গৰাকী বিধায়ক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 7:11 pm
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কাগজে-কলমে বৰ্তমান তৃণমূল কংগ্ৰেছৰ হাতত ৭৮ জন বিধায়ক আছে। কিন্তু দলৰ মুৰব্বী মমতা বন্দোপাধ্যায়ে ৱাই চেনেলত আয়োজন কৰা ধৰ্ণা কাৰ্যসূচীত ১০ জন বিধায়কো উপস্থিত নাথাকিল। কাৰ্যসূচীস্থলীত মাত্ৰ ৬ জন বিধায়ক আৰু ৫ জন সাংসদকহে দেখা গ’ল। মঙলবাৰে ৰাজপথলৈ ওলাই আহি নিজৰ শক্তি প্ৰদৰ্শনৰ চেষ্টা চলাইছিল মমতা বন্দোপাধ্যায়ে। কিন্তু নিৰ্বাচনৰ পিছত আয়োজন কৰা এই কাৰ্যসূচীতো তৃণমূলৰ সাংগঠনিক দুৰ্বলতা স্পষ্ট হৈ পৰিল।

অৱশ্যে দলৰ এই দুৰৱস্থাৰ মাজতো আত্মবিশ্বাসী হৈ আছে মমতা বন্দোপাধ্যায়। তেওঁ কয় যে জীয়াই থকালৈকে বিজেপিক বংগৰ পৰা উৎখাত কৰাৰ যুঁজ অব্যাহত ৰাখিব। আনহাতে, তাৰকেশ্বৰৰ পৰা তৃণমূলৰ এই অৱস্থাক লৈ তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। তেওঁৰ মতে, দলটোৰ সাংগঠনিক অৱস্থা এতিয়া অত্যন্ত শোচনীয় হৈ পৰিছে।

Apply Now

নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছতো মমতা বন্দোপাধ্যায়ে বাৰে বাৰে দাবী কৰি আহিছে যে তেওঁ পৰাজিত হোৱা নাই, বৰঞ্চ ষড়যন্ত্ৰৰ জৰিয়তে তেওঁক হৰুৱাই দিয়া হৈছে। পুনৰ শক্তিশালী ৰূপত উভতি অহাৰ প্ৰত্যাহ্বানো জনাইছিল তেওঁ। দলৰ নেতা-কৰ্মীসকলৰ ওপৰত ভৰসা কৰিয়েই তেওঁ এই আত্মবিশ্বাস প্ৰকাশ কৰিছিল। কিন্তু নিৰ্বাচনৰ কেইদিনমানৰ ভিতৰতে দলটোৰ সংগঠন তাচৰ ঘৰৰ দৰে ভাঙি পৰাৰ অভিযোগ উঠিছে।

মমতা বন্দোপাধ্যায় আৰু অভিষেক বন্দোপাধ্যায়ৰ ঘনিষ্ঠ বুলি পৰিচিত কেইবাজনো পুৰণি নেতাই ইতিমধ্যে দলৰ বিৰুদ্ধে মুকলিকৈ মুখ খুলিবলৈ আৰম্ভ কৰিছে। যোৱা দেওবাৰে কালীঘাটস্থিত মমতা বন্দোপাধ্যায়ৰ বাসগৃহত বিজয়ী বিধায়কসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক আহ্বান কৰা হৈছিল। কিন্তু ২০ জনতকৈ অধিক বিধায়ক উপস্থিত নথকাৰ বাবে শেষ মুহূৰ্তত বৈঠকখন বাতিল কৰিবলগীয়া হয়।

ইয়াৰ পিছতেই মঙলবাৰে মমতা বন্দোপাধ্যায়ে ধৰ্ণা কাৰ্যসূচীৰ আহ্বান জনায়। কিন্তু ধৰ্ণাস্থলীত মাত্ৰ ৬ জন বিধায়ক আৰু ৫ জন সাংসদৰ উপস্থিতিয়ে তৃণমূলৰ ভিতৰুৱা সংঘাত পুনৰ স্পষ্ট কৰি তোলে।

ধৰ্ণাত উপস্থিত থকা বিধায়কসকল আছিল নয়না বন্দোপাধ্যায়, মদন মিত্ৰ, ববি হাকিম, বিমান বন্দোপাধ্যায়, অশোক দেৱ আৰু শোভনদেৱ চট্টোপাধ্যায়। সাংসদসকলৰ ভিতৰত আছিল ডেৰেক অ’ব্ৰায়েন, সমীৰুল ইছলাম, দোলা সেন, মালা ৰায় আৰু কল্যাণ বন্দোপাধ্যায়। অৰ্থাৎ সাংসদ আৰু বিধায়ক মিলাই ১৫ জন নেতাও মমতাৰ কাষত থিয় নহ’ল।

যোৱা কেইবছৰমান ধৰি মমতা বন্দোপাধ্যায় আৰু অভিষেক বন্দোপাধ্যায়ে দলত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ বৃদ্ধি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছিল। কিন্তু মঙলবাৰৰ ধৰ্ণাত মমতাৰ কাষত মূলতঃ কেইজনমান পুৰণি নেতাকহে দেখা গ’ল। তাৰ মাজতো মমতা বন্দোপাধ্যায়ে কয় যে তেওঁ কাৰো সুদিনত কাষত নাথাকিলেও দুৰ্দিনত সদায় কাষত থাকে। তৃণমূলৰ বিধায়ক আৰু সাংসদসকলক ভয় দেখুৱাই বিজেপিয়ে দল ভঙাৰ চেষ্টা চলাইছে বুলিও তেওঁ অভিযোগ কৰে।

ইফালে, মমতাৰ ধৰ্ণাক লৈ তীব্ৰ কটাক্ষ কৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ অৱস্থা এতিয়া অত্যন্ত শোচনীয়।  সংবাদ মাধ্যমৰ ফালৰ পৰা অভিষেক বন্দোপাধ্যায়ে বিধায়কসকলক বাৰে বাৰে ফোন কৰিও সঁহাৰি নোপোৱাৰ কথা পোহৰলৈ অহাত শুভেন্দু অধিকাৰীয়ে ব্যংগাত্মক মন্তব্য কৰে। তেওঁ কয় যে অভিষেক বন্দোপাধ্যায় অসুস্থ আৰু তেওঁক চেলাইন দি ৰখা হৈছে বুলি তেওঁ শুনিবলৈ পাইছে। এনে অৱস্থাত তেওঁ কেনেকৈ ইমান ফোন কৰিব পাৰিছে বুলি প্ৰশ্ন কৰি শুভেন্দুৱে তৃণমূল নেতৃত্বক তীব্ৰ কটাক্ষ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

গুৱাহাটীত বিজেপি কৰ্মীক আৱদ্ধ কৰি ৩০ জনীয়া দুৰ্বৃত্তৰ প্ৰহাৰ : ধন দাবী আৰু প্ৰাণে মৰাৰ ভাবুকি

June 25, 2026 5:35 pm
পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

পেলেষ্টাইনীসকলক উচৰ্গা কৰি ৰজাৰ ৱাটাৰ্ছে মুকলি কৰিলে পিংক ফ্লয়ডৰ জনপ্ৰিয় ‘কমফৰ্টেবলি ‎নাম্ব’ৰ গীতৰ নতুন সংস্কৰণ

June 25, 2026 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

বাংলাদেশীৰ বাবে পুনৰ পৰ্যটন ভিছা আৰম্ভ কৰিলে ভাৰতে, কেতিয়াৰ পৰা কৰিব পাৰিব আবেদন?

June 25, 2026 6:38 pm
বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

বিশ্বৰ আটাইতকৈ ক্ষুদ্ৰ কম্পিউটাৰ চিপ উৎপাদন কৰিব পৰা প্ৰযুক্তি উন্মোচন কৰিলে IBM-য়ে

June 25, 2026 5:47 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd