• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি নিৰ্ণয় হ’ব মমতা বেনাৰ্জীৰ মুখ্যমন্ত্ৰী আসনৰ ভৱিষ্যত!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 30, 2021 12:21 pm
Mamata Banerjee's Big Election Test Today To Keep Top Post
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ কলকাতাৰ বিধান সভাসমষ্টি ভৱানীপুৰৰ তিনি লাখতকৈও অধিক ভোটাৰে আজি তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীৰ ভাগ্য নিৰ্ণয় কৰিব।

মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ কেইমাহমান পিছতেই নিজৰ আসন ৰক্ষাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হৈছে মমতা বেনাৰ্জী।

এপ্ৰিল-মে’ত অনুষ্ঠিত বংগৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ বৃহৎ বিজয় স্বত্বেও নন্দীগ্ৰামৰ পৰা নিৰ্বাচন খেলা মমতা বেনাৰ্জী পৰাজিত হৈছিল।

আজি পুৱা প্ৰায় ৭ বজাত সমষ্টিটোত ভোটগ্ৰহণ আৰম্ভ হৈছে। ৩ অক্টোবৰত ইয়াৰ ভোট গণনা কৰা হ’ব। তৃণমূল কংগ্ৰেছৰ নেতা সোভান্দেব চট্টোপাধ্যায়ৰ পদত্যাগৰ বাবে ভৱানীপুৰ সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হৈছে।

Apply Now

নিৰ্বাচনত অৱতীৰ্ণ হোৱা মমতা বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয়, “মুখ্যমন্ত্ৰী হিচাপে অব্যাহত ৰাখিবলৈ মোৰ বিজয় প্ৰয়োজনীয়, কিয়নো কেৱল মইহে CAA, NRC, বিমুদ্ৰাকৰণ আৰু বিজেপিৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে যুঁজ দিম।”

বিজেপিয়ে ৪১ বছৰীয়া প্ৰিয়ংকা টিব্ৰুৱেলক ভৱানীপুৰ সমষ্টিত মমতা বেনাৰ্জীৰ প্ৰতিদ্বন্দী হিচাপে থিয় কৰাইছে। যদিও তেওঁ শেহতীয়া বিধানসভা নিৰ্বাচন আৰু ২০১৫ চনৰ পৌৰ নিৰ্বাচনত পৰাজিত হৈছিল, ৰাজ্য চৰকাৰৰ বিৰুদ্ধে নিৰ্বাচনোত্তৰ হিংসাৰ গোচৰত আবেদন কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল। উল্লেখ্য যে প্ৰিয়ংকা টিব্ৰুৱেল কলিকতা উচ্চ ন্যায়ালয়ৰ অধিবক্তা হিচাপে কৰ্মৰত।

আনহাতে, চিপিএমে আন এজন অধিবক্তা শ্ৰীজীৱ বিশ্বাসক সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।

নিৰ্বাচনী যুঁজখনে যি ধৰণৰ ৰাজনৈতিক উত্তাপ সৃষ্টি কৰিছে, তাৰ পৰিপ্ৰেক্ষিতত ভবানীপুৰ সমষ্টিত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

মঙলবাৰে সন্ধিয়াৰ পৰা ভোটকেন্দ্ৰসমূহৰ চাৰিওফালে ২০০ মিটাৰ পৰ্যন্ত ব্যক্তিৰ আগমন নিষিদ্ধ কৰা হৈছে, অঞ্চলটোত পাঁচজনৰো অধিক লোক একত্ৰিত হোৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

তদুপৰি কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ ৩৫ টাকৈ কোম্পানী মোতায়েন কৰা হৈছে, ২৭০ টা বুথৰ প্ৰতিটোত তিনিজন কৈ কৰ্মচাৰী উপস্থিত থাকিব লাগিব। এই বুথসমূহক সংবেদনশীল বুলি ঘোষণা কৰা হৈছে।
শ্ৰীমতী বেনাৰ্জীয়ে ভোটদান কৰা ৰাজ্যিক উচ্চ বিদ্যালয় মিত্ৰ ইনষ্টিটিউচন “অতি সংবেদনশীল” হিচাপে ঘোষণা কৰা ১৩ টা বুথৰ ভিতৰত আছে।

ভৱানীপুৰত মুঠ ১,১১,২৮৩ জন পুৰুষ আৰু ৯৫,২০৯ গৰাকী মহিলা ভোটাৰ আছে। তৃতীয় লিংগৰ ভোটাৰ আছে চাৰিজন।

ভাবানীপুৰৰ উপৰিও মুৰ্ছিদাবাদ জিলাৰ চামছেৰগঞ্জ আৰু জংগীপুৰ সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ’ব।

উল্লেখ্য যে, বংগত বিজেপিক প্ৰতিহত কৰি জয় সাব্যস্ত কৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীক ইতিমধ্যে কেন্দ্ৰীয় পৰ্যায়ত বিৰোধী দল সমূহে প্ৰধান মন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে থিয় কৰোৱাৰ ইঙ্গিত দিছে।

এনে অৱস্থাত মমতা বেনাৰ্জীৰ বাবে উপ নিৰ্বাচনৰ ফলাফল লক্ষ্যণীয় ভূমিকা ল’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd