“ৰাজভৱনলৈ মাতিলেও নাযাওঁ, ৰাস্তাতে লগ কৰি আহিম’’, ৰাজ্যপালৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ সম্পৰ্কত মমতা বেৰ্নাজীৰ প্ৰতিক্ৰিয়া

পশ্চিমবংগৰ ৰাজ্যপালৰ বিৰুদ্ধে উত্থাপিত নিৰ্যাতনৰ অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে মই মাতিলেও ৰাজভৱনলৈ নাযাওঁ। শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে হুগলী সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী ৰচনা বেনাৰ্জীৰ প্ৰচাৰ সভাত এইদৰে ৰাজ্যপালক আক্ৰমণ কৰে।

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে শেহতীয়াকৈ ৰাজভৱনত কৰ্মৰত এগৰাকী মহিলাই ৰাজ্যপাল চিভি আনন্দ বসুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল। তাৰপিছৰ পৰাই তৃণমূলৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে বিজেপি তথা ৰাজ্যখনৰ ৰাজ্যপাল।

নিৰ্বাচনী প্ৰচাৰৰ সময়ত মমতাই কয় – “মাননীয় ৰাজ্যপাল, মোৰ কি ভুল হৈছে কওকচোন। কিন্তু আপুনি কেতিয়া পদত্যাগ কৰিব?

মমতাৰ প্ৰশ্ন, “এগৰাকী মহিলাক অত্যাচাৰ কৰিবলৈ আপুনি কোন?”

ইয়াৰ লগতে মমতাই কয়, “আপুনি মোক ৰাজভৱনলৈ মাতিলে মই আৰু নাযাওঁ। ৰাস্তাত লগ পাম। আপোনাৰ মহিমাৰ কথা শুনি আছোঁ, আপোনাৰ কাষত বহাটোও পাপ!”