• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৫ এপ্ৰিলত অসমলৈ আহিব মমতা বাহিনী : ধুবুৰীত তৃণমূল প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ৯ টা সমষ্টিতে প্ৰাৰ্থিত্ব দিব তৃণমূলে

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , March 29, 2019 1:17 pm

2 min read

Mamta Benarji
663
VIEWS
Share on FacebookShare on Twitter

লোকসভা নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাজ্যলৈ সমাগম ঘটিবলৈ ধৰিছে বহু হাই প্ৰফাইল নেতাৰ। অহা ৩০ মাৰ্চৰ দিনা নৰেন্দ্ৰ মোদী বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ উপৰিও অহা ৩ এপ্ৰিলৰ দিনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ৰাহুল গান্ধী।

এইক্ষেত্ৰত থমকি ৰোৱা নাই তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীও। অহা ৫ এপ্ৰিলৰ দিনা ধুবুৰীৰ টাউনত তৃণমূলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে। উক্ত দিনা ১ বজাত মমতা ধুবুৰীত উপস্থিত হ’ব। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এই কথা জানিবলৈ দিয়ে তৃণমূলৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক গোপী নাথ দাসে।

ইপিনে, মমতাৰ সৈতে ধুবুৰীত তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ উপৰিও ৰাজ্যসভাৰ তৃণমূলৰ সাংসদেও নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰিব। মমতাৰ সৈতে উপস্থিত থাকিবলগীয়া মন্ত্ৰীকেইগৰাকী হৈছে ক্ৰমে ফিৰহাদ হাকিম(কলকাতাৰ মেয়ৰ), ৰবীন্দ্ৰ ঘোষ, গৌতম দেব, চিদ্দিকুল্লা চৌধুৰী।

তদুপৰি, ধুবুৰীত প্ৰচাৰ চলাবলৈ অহাৰ সময়তে মমতা বেনাৰ্জীক গুৱাহাটী আৰু বৰাক উপত্যকাত একোখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্যিক তৃণমূলে অনুৰোধ জনাব বুলি দাসে আমাৰ সাংবাদিকৰ আগত কয়।

আনহাতে, ৰাজ্যৰ মুঠ লোকসভাৰ ১৪ টা লোকসভা সমষ্টিৰ ৯ টাতে তৃণমূলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি তেওঁ জনায়।

তেওঁ উল্লেখ কৰা অনুসৰি ‘যোৰহাটত প্ৰাৰ্থী ৰিবুলয়া গগৈ, মঙ্গলদৈত সুধেন্দু মোহন তালুকদাৰ, নগাওঁ লোকসভা সমষ্টিত সহদেব দাস, শিলচৰত হিতব্ৰত ৰয়, কৰিমগঞ্জত চন্দন দাস, গুৱাহাটীত মনোজ কুমাৰ শৰ্মা, বৰপেটাত এচাহাক আলি দেৱান, কোকৰাঝাৰত কমলাকান্ত দৈমাৰী আৰু ধুবুৰীত নুৰুল ইছলাম চৌধুৰীক দলটোৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আনহাতে, তৃণমূল সদায় সৰ্বসাধাৰণ ৰাইজৰ লগত থকা বুলি উল্লেখ কৰি তেওঁ কয়, ‘’লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ যথেষ্ট ভাল ফলাফল হ’ব। ভোটৰ হাৰ বৃদ্ধি পাব।‘’

ইতিমধ্যে দলৰ তৃণমূল কৰ্মী আৰু কাৰ্য্যকৰ্তাসকলে ৯ টা লোকসভা সমষ্টিতে প্ৰচাৰৰ কাম আৰম্ভ কৰা বুলি তেওঁ দাবী কৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত পূৰ্বৰে পৰা স্থিতিত অটল থকা বুলি দাবী কৰি দাসে কয়, ‘’ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ লোকসভাৰ মজিয়াত বিধেয়কক লৈ ভূমিকা সকলোৱে গম পাইছে। লোকসভাত আমাৰ দলে ‘কেব’ৰ তীব্ৰ বিৰোধিতা কৰিছে।‘’

তেওঁ লগতে কয়, ‘’ভৱিষ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগৰ প্ৰশ্ন আহি নপৰে, কিয়নো বিজেপি চৰকাৰ আৰু শাসনলৈ নাহে।‘’

Recent News

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

a modi

মাৰ্ঘেৰিটাত ৩ শতাধিক সমৰ্থকসহ জ্যেষ্ঠ কংগ্ৰেছ নেতা হৰিনন্দ গড়ৰ AJP দলত যোগদান

index.jpgn

কাজিৰঙাত আৰণ্যক আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গাঁওৰক্ষী বাহিনীৰ মাজত সজাগতাৰ অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd