• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ এপ্ৰিলত অসমলৈ আহিব মমতা বাহিনী : ধুবুৰীত তৃণমূল প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ

বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ৯ টা সমষ্টিতে প্ৰাৰ্থিত্ব দিব তৃণমূলে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 29, 2019 1:17 pm
Mamta Benarji
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচন সমাগত, গতিকে নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাজ্যলৈ সমাগম ঘটিবলৈ ধৰিছে বহু হাই প্ৰফাইল নেতাৰ। অহা ৩০ মাৰ্চৰ দিনা নৰেন্দ্ৰ মোদী বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অহাৰ উপৰিও অহা ৩ এপ্ৰিলৰ দিনা কংগ্ৰেছৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ অসমলৈ আহিব ৰাহুল গান্ধী।

এইক্ষেত্ৰত থমকি ৰোৱা নাই তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীও। অহা ৫ এপ্ৰিলৰ দিনা ধুবুৰীৰ টাউনত তৃণমূলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব পশ্চিমবংগৰ মুখ্য মন্ত্ৰীগৰাকীয়ে। উক্ত দিনা ১ বজাত মমতা ধুবুৰীত উপস্থিত হ’ব। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত এই কথা জানিবলৈ দিয়ে তৃণমূলৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন বিধায়ক গোপী নাথ দাসে।

Apply Now

ইপিনে, মমতাৰ সৈতে ধুবুৰীত তেওঁৰ মন্ত্ৰীসভাৰ মন্ত্ৰীৰ উপৰিও ৰাজ্যসভাৰ তৃণমূলৰ সাংসদেও নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰিব। মমতাৰ সৈতে উপস্থিত থাকিবলগীয়া মন্ত্ৰীকেইগৰাকী হৈছে ক্ৰমে ফিৰহাদ হাকিম(কলকাতাৰ মেয়ৰ), ৰবীন্দ্ৰ ঘোষ, গৌতম দেব, চিদ্দিকুল্লা চৌধুৰী।

তদুপৰি, ধুবুৰীত প্ৰচাৰ চলাবলৈ অহাৰ সময়তে মমতা বেনাৰ্জীক গুৱাহাটী আৰু বৰাক উপত্যকাত একোখনকৈ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিবৰ বাবে ৰাজ্যিক তৃণমূলে অনুৰোধ জনাব বুলি দাসে আমাৰ সাংবাদিকৰ আগত কয়।

আনহাতে, ৰাজ্যৰ মুঠ লোকসভাৰ ১৪ টা লোকসভা সমষ্টিৰ ৯ টাতে তৃণমূলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি তেওঁ জনায়।

তেওঁ উল্লেখ কৰা অনুসৰি ‘যোৰহাটত প্ৰাৰ্থী ৰিবুলয়া গগৈ, মঙ্গলদৈত সুধেন্দু মোহন তালুকদাৰ, নগাওঁ লোকসভা সমষ্টিত সহদেব দাস, শিলচৰত হিতব্ৰত ৰয়, কৰিমগঞ্জত চন্দন দাস, গুৱাহাটীত মনোজ কুমাৰ শৰ্মা, বৰপেটাত এচাহাক আলি দেৱান, কোকৰাঝাৰত কমলাকান্ত দৈমাৰী আৰু ধুবুৰীত নুৰুল ইছলাম চৌধুৰীক দলটোৱে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে।

আনহাতে, তৃণমূল সদায় সৰ্বসাধাৰণ ৰাইজৰ লগত থকা বুলি উল্লেখ কৰি তেওঁ কয়, ‘’লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ যথেষ্ট ভাল ফলাফল হ’ব। ভোটৰ হাৰ বৃদ্ধি পাব।‘’

ইতিমধ্যে দলৰ তৃণমূল কৰ্মী আৰু কাৰ্য্যকৰ্তাসকলে ৯ টা লোকসভা সমষ্টিতে প্ৰচাৰৰ কাম আৰম্ভ কৰা বুলি তেওঁ দাবী কৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সন্দৰ্ভত পূৰ্বৰে পৰা স্থিতিত অটল থকা বুলি দাবী কৰি দাসে কয়, ‘’ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ সাংসদসকলৰ লোকসভাৰ মজিয়াত বিধেয়কক লৈ ভূমিকা সকলোৱে গম পাইছে। লোকসভাত আমাৰ দলে ‘কেব’ৰ তীব্ৰ বিৰোধিতা কৰিছে।‘’

তেওঁ লগতে কয়, ‘’ভৱিষ্যতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগৰ প্ৰশ্ন আহি নপৰে, কিয়নো বিজেপি চৰকাৰ আৰু শাসনলৈ নাহে।‘’

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

দিল্লীত CPIM কাৰ্যালয়ত ঐশী ঘোষক বিচাৰি উপস্থিত দিল্লী আৰক্ষী, বাওঁপন্থী কর্মীসকলৰ তীব্ৰ বাধাৰ পিছত খালী হাতেৰে ঘূৰিল দল

July 28, 2026 9:10 pm
প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

চৰকাৰী ধন ৰাহি আৰু অপব্যৱহাৰ ৰোধ কৰিবলৈ কেন্দ্ৰৰ নতুন নিয়ম: ‘এজন বিষয়া, এখন চৰকাৰী গাড়ী’

July 28, 2026 10:06 pm
যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

যন্তৰ মন্তৰত প্ৰতিবাদকাৰীৰ মাজত শতাধিক হত্যাকাৰী আৰু ৬১ জন ধৰ্ষণত অভিযুক্ত! পোহৰলৈ আহিল ভয়ংকৰ তথ্য

July 28, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd