• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

দুৰ্বৃত্তৰ গুলীত নিহত এয়াৰ ইণ্ডিয়া বোমা বিস্ফোৰণত নিৰ্দোষী সাব্যস্ত ৰিপুদামান সিং মালিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 15, 2022 6:36 pm
Air India flight bombing
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৮৫ চনৰ ভয়াৱহ এয়াৰ ইণ্ডিয়া বোমা বিস্ফোৰণত নিৰ্দোষী সাব্যস্ত হোৱা কানাডাস্থিত শিখ নেতা তথা ব্যৱসায়ী ৰিপুদামান সিং মালিকক গুলীয়াই হত্যা কৰা হৈছে। আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা গ্লোবেল নিউজত প্ৰকাশিত প্ৰতিবেদন অনুসৰি বৃহস্পতিবাৰে পুৱা প্ৰায় ৯.৩০ বজাত কানাডাৰ চাৰে চহৰত গুলীচালনাৰ সন্দৰ্ভত ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে ফোনযোগে খবৰ লাভ কৰে।

ঘটনাস্থলীত উপস্থিত হোৱাৰ পিছত আৰক্ষীয়ে কেইবাটাও বন্দুকৰ গুলীৰ আঘাতত পথৰ কাষতে বাগৰি থকা ৰিপুদামান সিং মালিকক উদ্ধাৰ কৰে। আৰক্ষীয়ে লগে লগে আঘাতপ্ৰাপ্ত মালিকক প্ৰাথমিক চিকিৎসা প্ৰদান কৰে যদিও মালিকৰ প্ৰাণ ৰক্ষা কৰাত বিফল হয় আৰু ঘটনাস্থলীতে তেওঁ মৃত্যুবৰণ কৰে।

Apply Now

ৰয়েল কানাডিয়ান মাউণ্টেড পুলিচে প্ৰকাশ কৰা বিবৃতি অনুসৰি এই হত্যাকাণ্ড সন্দৰ্ভত বৰ্তমানলৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অপৰাধ সংঘটিত কৰিয়ে হত্যাকাৰীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

বৰ্তমান কানাডাৰ সৰ্ববৃহৎ হোমিচাইড ইউনিট ইণ্টিগ্ৰেটেড হোমিচাইড ইনভেষ্টিগেচন দলে গোচৰটোৰ তদন্তৰ দায়িত্ব হাতত লৈছে।

উল্লেখ্য যে ১৯৮৫ চনৰ ২৩ জুনত এয়াৰ ইণ্ডিয়া ফ্লাইট ১৮২- ৰ বোমা বিস্ফোৰণত ৮৬ টা শিশুসহ ২৮০ জন কানাডিয়ানে, তথা সৰ্বমুঠ ৩২৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল। টৰণ্টোৰ পৰা লণ্ডন অভিমুখী বিমানখনত আয়াৰলেণ্ডৰ ওচৰতে বোমা বিস্ফোৰণ সংঘটিত হৈছিল। এই ভয়াৱহ বিস্ফোৰণত যাৰ ফলত বিমানখনত থকা সকলো লোক নিহত হৈছিল।

পিছত তদন্ত প্ৰতিবেদনত এই ভয়াৱহ বোমা বিস্ফোৰণৰ ষড়যন্ত্ৰ কানাডাৰ মাটিত ৰচনা কৰা হৈছিল বুলি নিশ্চিত কৰা হৈছিল। পোনপ্ৰথমে এই বোমা বিস্ফোৰণৰ পৰিকল্পনাকাৰী হিচাপে ৰিপুদামান সিং মালিকক অভিযুক্ত কৰা হৈছিল। কিন্তু বিচাৰৰ সময়ত তেওঁ নিৰ্দোষী প্ৰমাণিত হয় আৰু ইন্দ্ৰজিৎ সিং ৰেয়াত নামৰ আন এজন ব্যক্তিক দোষী সাব্যস্ত কৰা হয়।

স্মৰ্তব্য যে উক্ত বোমা বিস্ফোৰণৰ ঘটনাটোত দোষী সাব্যস্ত হোৱা ইন্দ্ৰজিৎ সিং ৰেয়াতেই হৈছে একমাত্ৰ ব্যক্তি। ৰিপুদামান সিং মালিকৰ বিচাৰত মিছা সাক্ষ্য দিয়াৰ বাবে ৰেয়াতক ২০১০ চনত ন বছৰৰ বাবে দণ্ডিত কৰা হৈছিল। ২০১৬ চনত তেওঁক কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm
সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

সংসদত হাঁহি হাঁহি ইতিহাসৰ পাঠ পঢ়ালে প্ৰিয়ংকাই : দুষাৰ কথা ক’বলৈ গৈ বিপদত পৰিল নেকি এইগৰাকী নেতা?

July 30, 2026 5:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd