• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিবাহৰ ছয় বছৰৰ পিছত দম্পতীৰ জীৱনলৈ আহিল অনাহুত খবৰ: চিকিৎসা পৰীক্ষাত ওলাল প্ৰকৃত সম্পৰ্কৰ ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 22, 2023 7:04 am
British couple brother-sister by birth
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছয় বছৰীয়া দাম্পত্য জীৱনেৰে সুখী ব্ৰিটেইনৰ এহাল যুৱ দম্পতী। এই ছয় বছৰৰ ভিতৰত দুটিকৈ সন্তানৰ পিতৃত্ব-মাতৃত্বৰো অধিকাৰী দুয়ো। পিছে তেওঁলোকৰ এই সুখী যুগ্ম জীৱনলৈ হঠাৎ যেন নামি আহিল এজাক ধুমুহা! এক চিকিৎসা পৰীক্ষাৰ ফলাফলে দম্পতীহালৰ জীৱনলৈ কঢ়িয়াই আনিলে এক অনাহুত খবৰ। বিপাঙত পৰিল দুয়ো।

এই আকস্মিক আৰু অনাহুত পৰিস্থিতিৰ বিষয়ে দম্পতীহালে নিজেই শ্বেয়াৰ কৰিছে সামাজিক মাধ্যমত। ইয়াৰ পাছতেই এই কাহিনীয়ে লাভ কৰে ব্যাপক চৰ্চা। তেওঁলোকে জানিবলৈ দিয়া মতে, ছবছৰে দাম্পত্য জীৱন কটোৱা এই দম্পতীহাল প্ৰকৃততে জন্মগতভাৱে ভাতৃ-ভগ্নীহে। দুয়ো প্ৰকৃততে একে পিতৃ-মাতৃৰে সন্তান।

Apply Now

প্ৰকাশিত খবৰ অনুসৰি, এক অভাৱনীয় কাৰণত সৰুতেই পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল ভাতৃগৰাকী তথা মহিলাগৰাকীৰ স্বামী। পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হোৱাৰ পিছতেই তেওঁক তুলি লৈছিল সেই চহৰৰে এহাল দম্পতীয়ে। সেয়ে তেখেতে তেখেতৰ প্ৰকৃত পিতৃ-মাতৃ কোন সেয়া কেতিয়াও জানিব পৰা নাছিল।

পিতৃ-মাতৃৰ পৰা বিচ্ছিন্ন হোৱা সেই শিশুটি তোলনীয়া পিতৃ-মাতৃৰ ঘৰত লাহে লাহে ডাঙৰ হৈ উঠিল। ডাঙৰ হৈ সেই চহৰৰে এগৰাকী যুৱতীৰ প্ৰেমত পৰিল তেওঁ। প্ৰেমৰ পৰিণতিতে দুয়োৰে মাজত সম্পন্ন হ’ল বিবাহ। জন্ম হ’ল দুটি সন্তানো। তেতিয়ালৈকে তেওঁলোকে গ’ম পোৱা নাছিল যে তেওঁলোক প্ৰকৃততে ভাতৃ-ভগ্নীহে।

দম্পতীহালৰ সমুখলৈ এই সত্য আহিছিল তেওঁলোকৰ দ্বিতীয় সন্তান জন্মৰ সময়তহে। দ্বিতীয় সন্তান জন্মৰ সময়ত অসুস্থ হৈ পৰিছিল মহিলাগৰাকী। চিকিৎসকে জানিবলৈ দিছিল মহিলাগৰাকীৰ বৃক্ক সংৰোপনৰ প্ৰয়োজনৰ কথা। বৃক্ক দানৰ বাবে আগবাঢ়ি আহিছিল স্বামীয়ে। আৰু সেয়ে দুয়োৰে কৰা হৈছিল তেজ পৰীক্ষা।

চিকিৎসকে হিউমেন লিউকোচাইট এন্টিজেন (HLA) পৰীক্ষা কৰি জানিব পাৰিছিল যে দুয়োৰে DNA ১০০ শতাংশই একে। অৰ্থাৎ তেওঁলোকৰ জৈৱিক সম্পৰ্ক ভাতৃ-ভগ্নীহে। এই কথা গ’ম পোৱাৰ পিছতেই হতভম্ভ হৈ পৰে দম্পতীহাল, হতভম্ব হৈ পৰে চিকিৎসক।

এই আশ্বৰ্যকৰ পৰিস্থিতিৰ পিছত তেওঁলোকে কি কৰিব তাকে লৈ স্বামীয়ে পৰামৰ্শ বিচাৰিলে বন্ধু-বৰ্গৰ। অধিকাংশ বন্ধু-বৰ্গই দিলে উপদেশ তথা উদাহৰণ। তেওঁলোকৰ মতে, বিশ্বৰ বহু দেশত ভাতৃ-ভগ্নীৰ বিবাহ প্ৰচলিত। তদুপৰি তেওঁলোক বিবাহিত আৰু ইতিমধ্যে সন্তান আছে। গতিকে পিছলৈ ঘূৰি চোৱাৰ কোনো প্ৰয়োজন নাই।

বন্ধুবৰ্গৰ পৰা লগতে পৰামৰ্শ আহিল যে, তেওঁলোকৰ সন্তানৰ কোনো অস্বাভাৱিকতা দেখা পোৱা নাই। দুয়োজনেই সুস্থ। গতিকে তেওঁলোক সন্তানৰ ভাল পিতৃ-মাতৃ হ’ব লাগে। আৰু ভাতৃ বা স্বামীয়ে নিজৰ বৃক্কেৰে ভগ্নী বা পত্নীক সুস্থ কৰি তুলিব লাগে। একো সলনি কৰাৰ প্ৰয়োজন নাই।

অৱশেষত বন্ধুবৰ্গৰ পৰামৰ্শ, নিজৰ বিচাৰ বিবেচনাৰ পাছত এই সত্যকে মানি লৈ দুয়ো সিদ্ধান্ত ল’লে স্বামী-স্ত্ৰীৰ সম্পৰ্কটোকে আদৰি লোৱাৰ আৰু আগৰ দৰেই অব্যাহত ৰাখিলে দাম্পত্য জীৱন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd