NORTHEAST NOW (Assamese)

জঘন্য কাণ্ড : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ

January 15, 2021 10:13 am · নিৰ্মলেন্দু পাঠক
ফটো : নৰ্থ-ইষ্ট নাও

ভোগালী বিহুৰ আনন্দ উল্লাসৰ মাজতে উজনি অসমৰৰ যোৰহাট জিলাৰ মৰিয়নীত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা।

এজন পাষাণ হৃদয়ৰ পুত্ৰই নিজ জন্মদাত্ৰী মাতৃক নৃশংসভাৱে হত্যা কৰা এই মৰ্মান্তিক ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, নকছাৰি ৰেইল ষ্টেশ্যনৰ সমীপৰ মেচ উপাধিৰ লোক গৰাকীয়ে নিজৰ মাতৃক হত্যা কৰে।

ইয়াৰ পিছত পৰিয়ালৰ তৰফৰ পৰা ঘটনা সন্দৰ্ভত দেবেৰাপাৰ থানাত গোচৰ ৰুজু কৰে।

আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি অভিযুক্ত মেচক গ্ৰেপ্তাৰ কৰে।

অভিযুক্তক আদালতত হাজিৰ কৰোৱা হয় আৰু বৰ্তমান আৰক্ষীয়ে ঘটনাৰ তদন্ত চলাই আছে।

উল্লেখ্য যে প্ৰথম অৱস্থাত অভিযুক্তই হত্যাকাণ্ডৰ কথা অস্বীকাৰ কৰিছিল যদিও পাছত আৰক্ষীৰ জেৰাত লোকজনে নিজ মাতৃক হত্যা কৰা কথাটো স্বীকাৰ কৰে।

Related News