Man arrested for killing live-in partner ৰাজধানীত পুনৰ সংঘটিত হৈছে এক হত্যাকাণ্ড। আকৌ এজন লিভ-ইন সংগীৰ হাতত হত্যা। কেৱল হত্যাই নহয়, এই ঘটনাটোৰো লিভ-ইন সংগী আফতাব আমিন পুনেৱালাৰ হাতত শ্ৰদ্ধা ৱাকাৰৰ হত্যাৰ দৰেই মিল আছে! কাৰণ, এই ক্ষেত্ৰতো লিভ-ইন সংগী দিল্লীৰ যুৱকজনে হত্যাৰ পিছত মৃতদেহটো টুকুৰা টুকুৰ কৰিবলৈ চেষ্টা কৰিছিল। আৰক্ষীৰ সূত্ৰই এই কথাই জানিবলৈ দিছে।
মৃতৰ মহিলাগৰাকীৰ নাম ৰেখা ৰাণী। আৰক্ষীয়ে জনোৱা অনুসৰি, ৩৫ বছৰীয়া ৰেখা ৰাণীৰ শৰীৰত চুৰিৰে বাৰে বাৰে আঘাতৰ চিহ্ন আছে। হত্যাকাণ্ডটো পশ্চিম দিল্লীৰ তিলক নগৰত সংঘটিত হৈছিল। ৰেখা ৰাণীয়ে গণেশ নগৰৰ এটা ঘৰত ভাড়াত বাস কৰিছিল।
লগতে পঢ়ক: বিশ্বকাপ খেলিবলৈ অহা তাৰকাৰ সতীৰ্থৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ
ৰেখা ৰাণীৰ মৃতদেহ ভাড়াঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। ৰেখা ৰাণীৰ সৈতে তেওঁৰ ১৬ বছৰীয়া কন্যাও আছিল। আৰক্ষীয়ে গোচৰটোত অভিযুক্ত লিভ-ইন সংগীক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তৰ নাম মনপ্ৰীত।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে মনপ্ৰীত ইতিমধ্যে আৰক্ষীৰ ৰেকৰ্ডত ৱান্টেডৰ তালিকাত আছিল। তেওঁৰ বিৰুদ্ধে অপহৰণ আৰু হত্যাৰ একাধিক গোচৰ আছে। আনকি গ্ৰেপ্তাৰ কৰা মনপ্ৰীত ইতিমধ্যে বিবাহিত আছিল। তেওঁৰ দুটা সন্তানো আছে।
২০১৫ চনৰ পৰা ৰেখা ৰাণীৰ সৈতে মনপ্ৰীতৰ সম্পৰ্ক। ৰেখা ৰাণীৰ সৈতে সম্পৰ্ক হোৱাৰ পিছত মনপ্ৰীত গণেশ নগৰত থকা তেওঁৰ ভাড়াঘৰলৈ আহিছিল। কিন্তু শেহতীয়াকৈ দুয়োৰে মাজৰ সম্পৰ্কত ফাট মেলিছিল। মনপ্ৰীতে অনুভৱ কৰিছিল যে তেওঁক সম্পৰ্কৰ নামত ফান্দত পেলোৱা হৈছে।
লগতে পঢ়ক: বাছ চলাই থাকোতেই হাৰ্ট এটেক চালকৰ; খুন্দিয়ালে এখনৰ পিছত আনখন গাড়ীত, নিহত ২ জন
সেইকাৰণে তেওঁ ৰেখা ৰাণীৰ পৰা পৰিত্ৰাণ পাবলৈ হত্যা কৰাৰ ষড়যন্ত্ৰ আৰম্ভ কৰিছিল। প্ৰাৰম্ভিক অনুসন্ধানত এই কথা প্ৰকাশ পাইছে। তাৰ পিছত ১ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰে নিশা প্ৰথমে ৰেখা ৰাণীৰ জীয়েকক খাদ্যত টোপনিৰ দৰৱ মিহলি কৰি অচেতন কৰি লয়। তাৰপিছত ৰেখা ৰাণীক চুৰিকাঘাতেৰে হত্যা কৰে। কেৱল হত্যাই নহয়, তেওঁ চুৰিৰে শৰীৰটো কাটিবলৈও চেষ্টা কৰিছিল। অভিযুক্ত মনপ্ৰীতক পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।