NORTHEAST NOW (Assamese)

সংসদ ভৱনৰ সন্মুখত চৰম পন্থাৰ অপচেষ্টা! অগ্নিদগ্ধ যুৱকক চিকিৎসালয়লৈ প্ৰেৰণ

December 25, 2024 5:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: December 25, 2024 5:37 pm

দিল্লীৰ সংসদ ভৱনৰ সন্মুখত নিজকে জুই লগাই আত্মহত্যাৰ চেষ্টা চলালে এজন যুৱকে। যাৰ ফলত তেওঁৰ শৰীৰৰ বেছিভাগেই জ্বলি যায়।

কিছু সময়ৰ পাছতে তেওঁক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয়। ঘটনাস্থলীৰ পৰা উদ্ধাৰ হৈছে পেট্ৰল। যুৱকজনৰ পৰিচয়, কিয় এনে কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। ইতিমধ্যে সেই স্থানত উপস্থিত হৈছে আৰক্ষী আৰু ফৰেনছিক দল। তদন্ত আৰম্ভ হৈছে।

জানিব পৰা মতে যুৱকজনক আপাততঃ ৰাজধানীৰ আৰ এম এল চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁৰ অৱস্থা সংকটজনক বুলি কোৱা হৈছে। সূত্ৰ অনুসৰি যুৱকজনে সংসদ ভৱন অঞ্চলৰ এখন উদ্যানত নিজকে অগ্নিসংযোগ কৰে। তাৰ পাছত তেওঁ সংসদ ভৱনৰ ফালে দৌৰি পলায়।

Related News