NORTHEAST NOW (Assamese)

গহপুৰত স্বামীৰ প্ৰহাৰত প্ৰাণ গ’ল পত্নীৰ, পলাতক স্বামী

January 11, 2022 3:42 pm · এন ই নাও নিউজ, গুৱাহাটী

পাৰিবাৰিক বিবাদৰ পৰিণতিত স্বামীৰ প্ৰহাৰত মৃত্যু হৈছে এগৰাকী মহিলাৰ। গহপুৰত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড।

স্থানীয় লোকসকলৰ মতে, মৃত প্ৰিয়া মাহাটো নামৰ মহিলাগৰাকী আৰু তেওঁৰ স্বামী পাৰিবাৰিক কাৰণত সঘনাই কাজিয়াত লিপ্ত হৈছিল।

কালি নিশাও দুয়োগৰাকীৰ মাজত একে ধৰণৰ কাজিয়া হৈছিল আৰু মৌখিক কাজিয়া সোনকালেই শাৰীৰিক কাজিয়ালৈ পৰিৱৰ্তন হৈ পৰিছিল।

কাজিয়াৰ মাজতে খঙত একো নাই হৈ গোবিন্দই তেওঁৰ পত্নীক ষ্টীলৰ পাইপেৰে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। যাৰ ফলত মহিলাগৰাকীৰ মূৰত আভ্যন্তৰীণভাৱে গুৰুতৰ আঘাত পাইছিল।

তেওঁলোকৰ চুবুৰীয়াসকলে কাজিয়াখন বন্ধ কৰিছিল। কিন্তু তেতিয়ালৈকে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল প্ৰিয়া মাহাটো।

চুবুৰীয়াসকলে লগে লগে মহিলাগৰাকীক চিকিৎসালয়লৈ লৈ গৈছিল যদিও তাই চিকিৎসালয়তে মহিলা গৰাকীৰ মৃত্যু হয়।

প্ৰিয়াৰ পৰিয়াল আৰু চুবুৰীয়াই আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰাৰ পিছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়।

জানিব পৰা মতে হত্যাকাৰী গোবিন্দ বৰ্তমানলৈকে পলাতক অৱস্থাত আছে। আৰক্ষীয়ে পলাতক গোবিন্দৰ বিচাৰ-খোচাৰ আৰম্ভ কৰাৰ লগতে প্ৰাথমিক তদন্তও আৰম্ভ কৰিছে।

Related News