NORTHEAST NOW (Assamese)

উপাধি ‘কৰ’না’! আনৰ বিশ্বাস জন্মাবলৈ লগত পাছপ’ৰ্ট লৈ ঘুৰিছে এগৰাকী ব্যক্তিয়ে

October 24, 2020 10:24 am · এন ই নাও নিউজ
ফটো: সংগৃহিত।

নামত কি আহে-যায়, কামতহে পৰিচয়। কথাষাৰ সত্য যদিও নামৰ উপাধি যদি ‘কৰ’না’ হয়? তেতিয়াতো স্বাভাৱিকতে সমস্যা হ’বই পাৰে।

তেনে এক সমস্যাৰে সন্মুখীন হৈছে ইংলেণ্ডৰ এগৰাকী ব্যক্তি। তেওঁৰ বাবে সমস্যাটো ইমানেই গভীৰ হৈ পৰিছে যে লোকক বুজাবলৈ তেওঁ সকলো সময়তে লগত পাছপ’ৰ্ট তথা বেংকৰ আই ডি লৈ ফুৰিবলগীয়া হৈছে।

বাতৰি অনুসৰি, ৩৮বছৰীয়া এই ব্যক্তি গৰাকীৰ নাম হৈছে জিমি কৰ’না। বৃত্তিত তেওঁ এগৰাকী নিৰ্মাণকৰ্মী।

ব্যক্তিগৰাকীৰ পৰিয়ালৰ বংশগত উপাধিয়েই হৈছে কৰ’না। জিমিৰ পূৰ্ব পুৰুষ ব্ৰিটিছ সেনাবাহিনীৰ সদস্যও আছিল। তেওঁৰ ককাকে দ্বিতীয় বিশ্বযুদ্ধতো যোগ দিছিল আৰু বহুদিন নাজী কেম্পত বন্দী হৈ আছিল।

কিন্তু সাম্প্ৰতিক সময়ত  এই পৰিয়ালৰ সদস্যও সন্মুখীন হ’বলগা হৈছে প্ৰতিকূল পৰিস্থিতিৰ।

কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰ পৰাই সৃষ্টি হৈছে সমস্যাৰ। তেতিয়াৰে পৰা কাৰোবাক নিজৰ নাম ক’বলগীয়া হ’লেই জিমি অস্বস্তিত পৰে।

তেওঁৰ উপাধি কৰ’না বুলি শুনাৰ পাছতে বহুতেই সন্দেহ প্ৰকাশ কৰাৰ বিপৰীতে আন বহুতেই আকৌ তাক লৈ কৌতুক কৰে।

তাৰ মাজতে পুত্ৰৰ চিকিৎসাৰ বাবে গৈও এই উপাধিৰ বাবেই অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় জিমি। অৱশেষত পুত্ৰৰ জন্ম কুণ্ডলী দেখুৱাইহে স্বস্তি লাভ কৰে।

সেয়েহে, এতিয়া য’তেই নাযাওক, জিমিয়ে লগত পাছপ’ৰ্ট তথা বেংকৰ আই ডি লৈ ফুৰে।

জিমিয়ে জানিবলৈ দিয়ে যে কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা কোনোৱে যেন তেওঁক বিশ্বাস নকৰে। য’তেই যায় সকলোৱে তেওঁক লৈ হাঁহে। কৰ’না তেওঁৰ উপাধি বুলি কোনোৱে মানি ল’ব নোখোজে।

যিসকলে তেওঁক বহুদিনৰ পৰা চিনি পায় তেওঁলোকৰ কথা সুকীয়া। সেয়েহে, এতিয়া তেওঁৰ কথাত কোনোবাই বিশ্বাস নকৰিলে লগে লগেই তেওঁ পাছপ’ৰ্ট বা বেংকৰ আই ডি দেখুৱাই দিয়ে।

Related News