এগৰাকী বিদেশী ঘোষিত ব্যক্তিৰ গোৱালপাৰা জিলা কাৰাগাৰৰ ডিটেনশ্যন কেম্পত মৃত্যুক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰপেটা জিলাৰ বৰপেটাৰোডৰ ১০ নম্বৰ ৱাৰ্ডৰ বাসিন্দা অমৃত দাস নামৰ ব্যক্তিজনৰ শনিবাৰে নিশা মৃত্যু হোৱাৰ ঘটনাত মানৱ অধিকাৰৰ বিষয়ত আন এক প্ৰশ্নৰ অৱতাৰণা হৈছে।
উল্লেখযোগ্য যে বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ৰায় দিয়াৰ পাছত অমৃত দাসে (৬৭) যোৱা ২০১৭ চনৰ ২০ মে’ৰ পৰা গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দিত্বৰ জীৱন কটাই আছিল।
আইনৰ মেৰপেঁচত বিদেশী ঘোষিত হৈ সুদীৰ্ঘ দুটা বছৰ গোৱালপাৰাৰ ডিটেনশ্যন কেম্পত বন্দী হৈ থাকি প্ৰচণ্ড মানসিক যন্ত্ৰণাত ভুগি অৱশেষত হৃদৰোগত আক্ৰান্ত হৈ অমৃত দাসৰ মৃত্যু ঘটে।
জানিব পৰা মতে, মৃত অমৃত দাস ২০১৮ চনৰ ৩১ মে’ৰ পৰা হৃদৰোগত আক্ৰান্ত হৈ থকাৰ পাছত ডিটেনশ্যন কেম্পৰ কৰ্তৃপক্ষই তেওঁক কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰাব লগীয়া হৈছিল। যোৱা শনিবাৰে পুনৰ সংকটজনক অৱস্থাত অমৃত দাসক গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও নিশা ১১ বাজি ২৫ মিনিটত তেওঁৰ মৃত্যু হয়।
আনহাতে, দেওবাৰে দাসৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালৰ লোকক চমজাই দিয়া হয়। ইপিনে, সদৌ অসম বাঙালী ঐক্যমঞ্চই এই ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁলোকে কয় যে যি প্ৰকৃত ভাৰতীয় নাগৰিক অমৃত দাসক বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত ৰখা হ’ল তেওঁৰ মৃত্যুৰ পাছত চৰকাৰী প্ৰশাসনে কিয় পৰিয়ালক চমজাই দিব লগা হ’ল?
তেওঁলোকে যুক্তি দৰ্শাই কয় যে যদি ব্যক্তিজন বিদেশীয়েই আছিল তেনেহ’লে তেওঁক নিজ দেশলৈ ঘূৰাই পঠিয়াব লাগিছিল। কিন্তু সেয়া নকৰি ডিটেনশ্যন কেম্পত ৰাখি তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দি মৃত্যুৰ পাছত আকৌ মৃতদেহ পৰিয়ালক চমজাই দিয়া হ’ল। বিদেশী ঘোষিত কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখি মৃত্যুৰ পাছত পৰিয়ালৰ লোকক মৃতদেহ চমজাই দিয়াটো কেনে ভাৰতীয় ন্যায় ব্যৱস্থা বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰে।
ইপিনে, অমৃত দাসক বিদেশী ঘোষণা কৰি ডিটেনশ্যন কেম্পত বন্দী কৰি ৰাখি মৃত্যুৰ মুখলৈ ঠেলি দিয়া ঘটনাটো পৰিয়ালৰ লোকে সহজভাৱে মানি ল’ব পৰা নাই।