NORTHEAST NOW (Assamese)

আদানী বিতৰ্কক লৈ দিল্লীত প্ৰতিবাদ কংগ্ৰেছৰ: ডিঙিত দুইহাজাৰ টকীয়া নোটৰ মালা আঁৰি প্ৰতিবাদত নামিল দৰা!

March 16, 2023 8:58 pm · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকান প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনে পোহৰলৈ অনা আদানী গোটৰ জালিয়াতিৰ অভিযোগক লৈ চৰকাৰৰ স্থিতিৰ বিৰোধিতাৰে আজি দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে। কংগ্ৰেছৰ এই প্ৰতিবাদৰ সময়তে এক অভিনৱ দৃশ্য পৰিলক্ষিত হয়।

কুৰ্তা-পাইজামা আৰু পৰম্পৰাগত নিয়ম অনুসৰি পৰিধান কৰা পাগুৰিৰে সজ্জিত আৰু ২০০০ টকীয়া নোটৰ মালা পিন্ধি এই প্ৰতিবাদত চামিল হয় এগৰাকী দৰা!

প্ৰতিবাদী সমদলটোক বাধা দিবলৈ আৰক্ষীয়ে পথৰ মাজত বেৰিকেড সাজি সষ্টম হৈ পৰে। বেৰিকেডৰ সিপাৰৰ পৰা আৰক্ষীয়ে প্ৰতিবাদকাৰীক শান্তি বজাই ৰাখিবলৈ আহ্বান জনোৱাৰ সময়তে প্ৰতিবাদকাৰীসকলে দৰাৰ সাজত থকা ব্যক্তিগৰাকীক দাঙি বেৰিকেড পাৰ কৰি পঠিয়াবলৈ চেষ্টা কৰে।

আৰক্ষীয়ে প্ৰতিবাদী কংগ্ৰেছ কৰ্মীসকলৰ এই কাৰ্যত বাধা প্ৰদান কৰি দৰাৰ সাজত থকা ব্যক্তিগৰাকীক তললৈ নমাই আনে। এই সমগ্ৰ দৃশ্যৰ ভাইৰেল হৈ পৰা এক ভিডিঅ’ত আৰক্ষীয়ে ব্যক্তিগৰাকীক লক্ষ্য কৰি তেওঁ আঘাত পাব পাৰে বুলি সজাগ কৰি দিয়া শুনিবলৈ পোৱা গৈছে।

 

উল্লেখ্য যে, আমেৰিকাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চে আদানী গোটৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলক লেনদেন আৰু শ্বেয়াৰৰ মূল্যত অনিয়মকে ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতে বিৰোধী কংগ্ৰেছে চৰকাৰৰ ওপৰত এই বিষয়ক লৈ ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে।

কংগ্ৰেছৰ লগতে অন্যান্য বিৰোধী দলসমূহেও আদানীৰ ওপৰত উত্থাপিত অভিযোগ সন্দৰ্ভত তদন্ত দাবী কৰি চৰকাৰক জবাবদিহি কৰি আহিছে। বুধবাৰে কংগ্ৰেছসহ বিৰোধী দলসমূহে সংসদৰ পৰা এনফৰ্চমেণ্ট ডাইৰেক্টৰেটৰ কাৰ্যালয়লৈ এই বিষয়ৰ প্ৰতিবাদত সমদল উলিয়াবলৈ চেষ্টা কৰিছিল।

কিন্তু বিৰোধীৰ এই পৰিকল্পনাৰ পাছতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ৰ বাহিৰত বিপুল হাৰত আৰক্ষী আৰু চি আৰ পি এফ বাহিনী মোতায়েন কৰা হয় আৰু বিৰোধী সদস্যসকলৰ এই পৰিকল্পনাত বাধা আৰোপ কৰা হয়।

Related News