• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ওদালগুৰিত পুনৰ বনৰীয়া হাতীয়ে প্ৰাণ ল’লে এজন লোকৰ

চাজিদ খান চাজিদ খান
ওদালগুৰি , November 14, 2018 12:58 pm

2 min read

IMG-20180930-WA0014-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

177
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ পানেৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাৰ সমীপৰ সাতঘৰীয়া গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। মঙলবাৰে নিশা বনৰীয়া হাতীৰ আক্ৰমণত গাঁৱখনৰ কাডে হেমৰম(৫৪)নামৰ লোকজন নিহত হয়।

জানিব পৰা মতে মঙলবাৰে নিশা প্ৰায় ৯ মান বজাত এটা বনৰীয়া হাতীয়ে গাঁৱৰে খেতিপথাৰত প্ৰৱেশ কৰাৰ পাছত ৰাইজে হাতীটো খেদিবলৈ ওলাই আহে। হঠাতে, হাতীটোৱে ৰাইজৰ পিনে চোঁচা লৈ আক্ৰমণ কৰাত কাডে হেমৰম নামৰ লোকজন ঘটনাস্থলতে মৃত্যু হোৱাৰ লগতে বুধুৱা ভেংৰা নামৰ এজন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

হাতীৰ আক্ৰমণত বুধুৱা ভেংৰা নামৰ লোকজনৰ এখন ভৰি ভাঙি যায় যদিও বৰ্তমান তেওঁ সংকট মুক্ত বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে যোৱা ১১ নৱেম্বৰত ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৰ ভূটিয়াচাং নতুন বস্তিত বনৰীয়া হাতীৰ আক্ৰমণত দুজন লোক আৰু ২২ অক্টোবৰৰ পুৱতি নিশা প্ৰায় ৪.৩০ বজাত ওদালগুৰিৰ ডিমাকুছি আৰক্ষী থানাৰ অন্তৰ্গত বদলাপাৰা চাহ বাগানত বিৰাছমণি বাৰা (৪৮) নামৰ এগৰাকী মহিলা চাহ শ্ৰমিকে  চাহপাত চিঙি থাকোঁতে বনৰীয়া হাতীয়ে তেওঁক গছকি নিৰ্মমভাৱে হত্যা কৰিছিল।

এনেদৰে ভাৰত-ভূটান সীমান্তৰ গাঁও সমূহত নিশাৰ ভাগত জাকে জাকে বনৰীয়া হাতী প্ৰৱেশ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ লগতে হাতীয়ে বহু মানুহৰ প্ৰাণ কাঢ়ি লোৱাৰ পাছতো বন বিভাগৰ লোকে একো ব্যৱস্থা গ্ৰহণ নকৰাত ভাৰত-ভূটান সীমান্তবাসীৰ মাজত এতিয়া ক্ষোভৰ উদগীৰণ হোৱা পৰিলক্ষিত হৈছে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd