NORTHEAST NOW (Assamese)

গুৱাহাটীত আই পিল এল চাবলৈ আহি অপহৃত ক্ৰিকেট অনুৰাগী , উদ্ধাৰ মেঘালয়ত

March 28, 2025 1:54 pm · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটীত আই পি এলৰ খেল চাবলৈ যাওঁতে অপহৰণৰ বলি হ’ল এগৰাকী ক্ৰিকেট অনুৰাগী।

যোৱা ২৬ মাৰ্চত গুৱাহাটীত খেল চাবলৈ আহি থাকোঁতে বাটতে দুৰ্বৃত্তই অপহৰণ কৰে লোকজনক।

জানিব পৰা মতে অপহৃত ব্যক্তিজন বৰপেটা বাসিন্দা ফখৰুদ্দিন ভূঞা।

বৰষাপাৰা ষ্টেডিয়ামলৈ যাওঁতে ভগদত্তপুৰ অঞ্চলৰ পৰা ৫জন লোকে অপহৰণ কৰে ফখৰুদ্দিন ভূঞাক।

তদন্তৰ অন্তত দৰং আৰক্ষীয়ে তেওঁক মেঘালয়ৰ উমিয়ামৰ পৰা উদ্ধাৰ কৰে।

লগতে আৰক্ষীয়ে অপহৰণৰ লগত জড়িত ৫ অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা লোক কেইজনৰ নাম হৈছে আবুল হুছেইন, আবুল নাচাৰ, চাহিৰ আহমেদ, আবু কাচেম আৰু আব্দুল হানান

জানিব পৰা মতে আটাইকেইজনৰ ঘৰ নগাঁৱত।

Related News