মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাৰ ঐতিহাসিক অজন্তা গুহা পৰিদৰ্শনৰ বাবে গৈ এক ভয়ংকৰ বিপদৰ সন্মুখীন হ’বলগীয়া হয় এক যুৱক। মহাৰাষ্ট্ৰ আৰক্ষীয়ে সদৰী কৰা খবৰ অনুসৰি, যুৱকগৰাকীয়ে চেল্ফী তুলি থকা সময়তে আকস্মিকভাৱে গুহাৰ সমীপৰ এক জলপ্ৰপাতত পৰি যায়।
এই ঘটনাৰ পিছতে অৱশ্যে আৰক্ষীৰ এটা দল তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকগৰাকীক উদ্ধাৰ কৰে বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
প্ৰকাশিত খবৰ অনুসৰি, এই দুৰ্ঘটনাৰ সন্মুখীন হোৱা যুৱকগৰাকীৰ নাম গোপাল চাভান। দেওবাৰে চাভানে চাৰিগৰাকী বন্ধুৰ সৈতে অজন্তা গুহা পৰিদৰ্শন কৰিবলৈ গৈছিল।
অজন্তাৰ মূল গুহা পৰিদৰ্শন কৰাৰ পিছত চাভান অজন্তা ভিউপইণ্টত উপস্থিত হয়। ভিউপইণ্টত চেল্ফী তোলাৰ চেষ্টা কৰাৰ সময়তে হঠাতে চাভানৰ ভৰি পিছলে আৰু মূল গুহা আৰু অজন্তা ভিউপইণ্টৰ মাজত থকা সপ্তকুণ্ড জলপ্ৰপাতত বাগৰি পৰে।
অৱশ্যে সাঁতুৰিব জনাৰ বাবেই নিশ্চিত বিপদৰ পৰা ৰক্ষা পৰে চাভান। সাঁতুৰি জলপ্ৰপাতৰ মাজৰ পৰা কোনোমতে তেওঁ এটা পাৰত উপনীত হয় আৰু পাৰৰ এটা শিলত ধৰি সহায়ৰ বাবে অপেক্ষা কৰে।
ইফালে এই আকস্মিক ঘটনাত হচকিত হৈ পৰা চাভানৰ এগৰাকী বন্ধুৱে তৎক্ষণাত আৰক্ষীক খবৰ দিয়ে। পিছত আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় এঘণ্টা ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত চাভানক উদ্ধাৰ কৰে।





