নিজ মাতৃক শুই থকা অৱস্থাতে হত্যা কৰাৰ অভিযোগত এজন ৩০ বছৰীয়া যুৱকক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
আৰক্ষীয়ে জানিবলৈ দিয়া মতে ঘটনাটো বৃহস্পতিবাৰে নিশা মধ্য অসমৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰি অঞ্চলৰ ধেমাজি গাঁৱত সংঘটিত হৈছিল।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে পল্লৱ শইকীয়া নামৰ যুৱকজনে তেওঁৰ ৬৫বছৰীয়া মাতৃ সাধনী শইকীয়াক বৃহস্পতিবাৰে নিশা প্ৰায় ২ বজাত ডিঙি চেপি হত্যা কৰে।
নিজৰ যুৱ পুত্ৰই এই জঘন্য ঘটনাটো সংঘটিত কৰা সময়ত ঘটনাৰ বলি মাতৃগৰাকী নিদ্ৰাৰত আছিল।
আৰক্ষীয়ে যুৱকজনক ভাৰতীয় দণ্ডবিধিৰ সংশ্লিষ্ট ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰিছে।