দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ধৰ্ষণৰ দৰে লজ্জাজনক কাণ্ড। দেশৰ বিভিন্ন প্ৰান্তত সংঘটিত এনে অপৰাধে দৈনিক সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ সময়তে তামিলনাডুৰ এক ঘটনা সম্প্ৰতি পোহৰলৈ আহিছে।
ৰাজ্যখনৰ ভিলুপ্পুৰম জিলাত এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰী যৌন নিৰ্যাতন কৰি এই সমগ্ৰ ঘটনাৰ দৃশ্য চিত্ৰগ্ৰহণ কৰা আৰু ব্লেকমেইল কৰাৰ অভিযোগত এগৰাকী ২৬ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰকাশিত খবৰ অনুসৰি ভিল্লুপুৰমৰ আভালুৰপেট্টাই অঞ্চলৰ গনাচেকাৰ (২৬) নামৰ অভিযুক্ত যুৱকজনে দশম শ্ৰেণীত পঢ়ি থকা কিশোৰীগৰাকীৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল।
তেওঁলোকৰ মাজৰ সম্পৰ্ক ক্ৰমাৎ গাঢ় হৈ উঠাৰ যুৱকজনে কিশোৰীগৰাকীক নিজৰ ঘৰলৈ লৈ যায় আৰু বিয়া কৰাৰ প্ৰতিশ্ৰুতি দি কিশোৰীগৰাকীৰ সৈতে যৌনকৰ্মত লিপ্ত হয়।
কিশোৰীগৰাকীৰ অবিদিতে গনাচেকাৰে এই সমগ্ৰ দৃশ্য কেমেৰাত ৰেকৰ্ড কৰি ৰাখে। তাৰ কেইদিনমান পাছৰ পৰাই গনাচেকাৰে কিশোৰীগৰাকীক এই ভিডিঅ’টোৰ নামত ব্লেকমেইল কৰিবলৈ আৰম্ভ কৰে।
এনে অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পিছত কিশোৰীগৰাকীয়ে পিতৃ-মাতৃক এই ঘটনাৰ বিষয়ে অৱগত কৰে আৰু পৰিয়ালটোৱে আৰক্ষীৰ কাষ চাপে।
এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰে আৰু যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা (পকচো) আইনৰ অধীনত গনাশেখৰক গ্ৰেপ্তাৰ কৰে।
গোচৰটোৰ নিৰ্ভৰযোগ্য তথ্য উদ্ধাৰৰ বাবে আৰক্ষীয়ে তদন্ত আছে বুলি জানিবলৈ দিছে।