NORTHEAST NOW (Assamese)

নৃশংস প্ৰেম! পুনৰ যুৱতীক হত্যা কৰি দেহ টুকুৰা টুকুৰ কৰা ঘটনা; অভিযুক্তৰ ফাঁচীৰ দাবী

March 13, 2023 7:54 am · এন ই নাও নিউজ, নতুন দিল্লী

এসপ্তাহ পূৰ্বে সন্ধানহীন হোৱা এগৰাকী যুৱতীৰ মৃতদেহ জম্মু-কাশ্মীৰৰ বুদগাম জিলাত উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰে। তাৰপিছৰে পৰা, অঞ্চলটোত ব্যাপক প্ৰতিবাদ আৰম্ভ হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে ছাবিৰ আহমেদ নামৰ এজন কাঠমিস্ত্ৰীক গ্ৰেপ্তাৰ কৰিছে।

জানিব পৰা গৈছে যে যুৱতীগৰাকী তেওঁৰ পৰিচিত আছিল। তেওঁ যুৱতীগৰাকীৰ প্ৰেমত পৰিছিল। তেওঁক অপহৰণ কৰি হত্যা কৰাৰ পিছত ছাবিৰে মহিলাগৰাকীৰ শৰীৰটো টুকুৰা টুকুৰা কৰি বিভিন্ন ঠাইত পেলাই দিছিল।

লগতে পঢ়ক: প্ৰশ্নকাকত ফাদিল! ছেবাই বাতিল কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

অভিযুক্তৰ ঘৰৰ বাহিৰত দেওবাৰে শ শ লোক তেওঁৰ ফাঁচীৰ দাবীত সমবেত হয়। প্ৰতিবাদকাৰীসকলে অভিযুক্তক তেওঁলোকৰ হাতত গতাই দিয়াৰ দাবী জনায় যাতে সাধাৰণ মানুহে তেওঁক শাস্তি দিব পাৰে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, যুৱতীগৰাকীৰ অলপতে বিবাহৰ এনগেজমেন্ট হৈছিল যিটো ছাবিৰে মানি ল’ব নোৱাৰিলে। সেই খঙত তেওঁ এই জঘন্য ঘটনাটো সংঘটিত কৰিছিল বুলি কোৱা হৈছে।

Related News