বোকাখাতৰ ৰঙাগড়া চাহ বাগিচাত চাঞ্চল্যকৰ হত্যাকাণ্ড! ডিঙি কাটি হত্যা বিবাহিত মহিলাক

হত্যাকাৰীৰ আত্মসমৰ্পণ, দোষীক শাস্তিৰ দাবীত কমাৰগাঁও আৰক্ষী থানা ঘেৰাও ৰাইজৰ

হত্যাকাৰীৰ চৰম শাস্তিৰ দাবীত স্থানীয় ৰাইজৰ থানা ঘেৰাও। ইনছেটত অভিযুক্ত বাদল বাক্তি। ফটোঃ নৰ্থইষ্ট নাও।

গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত ৰঙাগড়া চাহ বাগিচাত দেওবাৰে দিনৰ ভাগত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চলটো।

জানিব পৰা মতে, ৰঙাগড়া চাহ বাগিচাত খৰি বিচাৰিবলৈ যোৱা ৰঙাগড়াঘাটৰ নিহা ভূই(৩২) নামৰ বিবাহিত মহিলা গৰাকী বহু সময় ধৰি উভতি যোৱা নাছিল ঘৰলৈ। যাৰ বাবে মহিলা গৰাকীৰ শাহু আৰু কণমানি পুত্ৰই মহিলা গৰাকীক বিচাৰি যাওঁতে বাগিছাৰ ভিতৰত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত প্ৰত্যক্ষ কৰি বাগিচাৰ ৰাইজক খবৰ দিয়ে ।

ইফালে ঘটনাস্থলীত স্থানীয় ৰাইজে আৰক্ষী থানাত খবৰ দিয়ে আৰু ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ মহিলা গৰাকীক মৃত অৱস্থাত প্ৰত্যক্ষ কৰে। পাছত ঘটনাস্থলীত স্থানীয় গাঁওৰক্ষী বাহিনী, দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে ।

আনহাতে, এই হত্যাকাণ্ড  সংঘটিত কৰা বুলি ৰঙাগড়া চাহ বাগিচাৰ অভিষেক ওৰফে বাদল বাক্তি (২৬) নামৰ এজন যুৱকে কমাৰগাঁও আৰক্ষী থানাত আত্মসমৰ্পণ কৰে। আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত বুলি স্বীকাৰ কৰা বাদল বাক্তিক অধিক তথ্যৰ বাবে সোধপোছ কৰি থকাৰ সময়তে মৃত মহিলা গৰাকীৰ পৰিয়ালৰ লোক আৰু একাংশ স্থানীয় লোক কমাৰগাঁও আৰক্ষী থানাত উপস্থিত হৈ এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে।

উপস্থিত লোক সকলে দোষীক কঠোৰ শাস্তি দাবী জনোৱাৰ লগতে একাংশই ফাঁচীৰ দাবী জনাই পৰিৱেশ উত্তপ্ত কৰি তোলে। ইফালে আৰক্ষীৰ জেৰাত হত্যাকাৰী বাদলে ব্লেডেৰে ডিঙি কাটি হত্যা কৰা কথা স্বীকাৰ কৰে।

আনহাতে, সমগ্ৰ ঘটনাটো অবৈধ প্ৰেমৰ বাবে সংঘটিত হোৱা বুলি একাংশই সন্দেহ কৰিছে যদিও আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব হত্যাকাণ্ডৰ আঁৰৰ ৰহস্য।