প্ৰথমে ধৰ্ষণ, তাৰ পিছত হত্যা। ইয়াৰ পাছতো মৃতদেহকে উপৰ্যুপৰি ধৰ্ষণ। মানৱ সমাজক জোকাৰি যোৱা এই বীভৎস ঘটনা সংঘটিত হৈছে তেলেংগানাত।
এগৰাকী জনজাতীয় মহিলাক বলাৎকাৰ কৰা, মাৰপিট কৰি হত্যা কৰা আৰু পিছত মৃতদেহটো ধৰ্ষণ কৰাৰ অভিযোগত এজন ২৫ বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
হায়দৰাবাদৰ পৰা ৫০ কিলোমিটাৰ নিলগত অৱস্থিত চৌটুপ্পাল চহৰত এই উদ্ভট ঘটনা সংঘটিত হৈছিল।
বাতৰি অনুসৰি, অভিযুক্ত যুৱকজনে তেওঁৰ ঘৰৰ ওচৰৰে এটা গুদামত স্বামীৰ সৈতে বাস কৰা ২৩ বছৰীয়া মহিলাগৰাকীক দীৰ্ঘদিনে অনুসৰণ কৰি আছিল।
সোমবাৰে সন্ধিয়া অভিযুক্তজনে মহিলাগৰাকীক অকলশৰীয়া অৱস্থাত দেখি যৌন নিৰ্যাতন কৰাৰ চেষ্টা চলায়।
মহিলাগৰাকীয়ে এই আকস্মিক আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰাত যুৱকজনে ওচৰৰ পথাৰলৈ টানি নিয়ে আৰু মহিলাগৰাকীক ধৰ্ষণ কৰে বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।
মহিলাগৰাকীয়ে এনে নিৰ্যাতনৰ পৰা ৰক্ষা পাবলৈ চিঞৰ-বাখৰ কৰাৰ লগতে ঘটনাস্থলীৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছিল। কিন্তু অভিযুক্ত যুৱকজনে লগে লগে মহিলাগৰাকীৰ এটা মুখ আৰু মূৰত এডাল লোৰ মাৰিৰে আক্ৰমণ কৰে।
এনে ভয়াৱহ আক্ৰমণত মহিলাগৰাকীয়ে থিতাতে প্ৰাণত্যাগ কৰে। কিন্তু ইয়াৰ পিছতো ক্ষান্ত নহয় ধৰ্ষণকাৰী যুৱকজন। মহিলাগৰাকীৰ মৃতদেহতে উপৰ্যুপৰি ধৰ্ষণ কৰে দুৰ্বৃত্তই।
তদুপৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰাৰ পূৰ্বে মহিলাগৰাকীৰ শৰীৰৰ পৰা সোণৰ আৰু ৰূপৰ অলংকাৰো খুলি লৈ যায় অভিযুক্ত যুৱক জনে।
আনহাতে পুৱতি নিশা তেওঁৰ স্বামীয়ে পথাৰত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
ইয়াৰ পাছতে তেওঁ আৰক্ষীৰ কাষ চপাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ পৰি থকা প্ৰমাণৰ আধাৰত আৰক্ষীয়ে স্নিফাৰ ডগৰ সহায়েৰে অভিযুক্ত যুৱক জনক গ্ৰেপ্তাৰ কৰে।
হত্যাকাৰী যুৱক জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬, ৩৯২ আৰু ৩০২ ৰ উপৰিও অনুসূচীত জাতি/ জনজাতি (নিৰ্যাতন প্ৰতিৰোধ) আইনৰ অধীনত গোচৰ ৰুজু কৰিছে বুলি চৌটুপ্পালৰ সহকাৰী আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
নিহত মহিলাগৰাকী আৰু তেওঁৰ স্বামীয়ে নগৰকুৰনুল জিলাৰ এটা জনজাতীয় অঞ্চলৰ পৰা কেইমাহমান পূৰ্বে জীৱিকাৰ সন্ধানত চৌতুপ্পাললৈ প্ৰব্ৰজন কৰিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে।