পত্নীক হত্যা কৰি ঘৰতেই পুতি ৰাখিছিল স্বামীয়ে! ১৮ মাহ পিছত পোহৰলৈ আহিল সেই নৃশংস ঘটনা

ফটো সৌজন্য: ইণ্ডিয়া টুডে।

এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰি তেওঁক ঘৰতেই পুতি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। ১৮ মাহ পিছত স্বামীৰ নৃশংস কাণ্ডৰ এই ঘটনা উন্মোচিত হৈছে। অভিযুক্ত স্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। ঘটনাটো কেৰালাৰ এৰ্নাকুলামত সংঘটিত হৈছিল।

কেৰালাৰ এৰ্নাকুলামৰ বাসিন্দা ব্যক্তিজনে ২০২১ চনৰ আগষ্টত তেওঁৰ পত্নীক হত্যা কৰিছিল। হত্যাৰ পিছত তেওঁ পত্নীৰ মৃতদেহ ঘৰতেই সমাধিস্থ কৰিছিল। ইপিনে, আত্মীয় আৰু স্থানীয় লোকৰ আগত দাবী কৰে যে পত্নীৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল। তেওঁ পৰপুৰুষৰ সৈতে পলাই গৈছে।

লগতে পঢ়ক: ৰহস্যজনকভাৱে উদ্ধাৰ মহিলা ক্ৰিকেটাৰৰ মৃতদেহ; হত্যাৰ অভিযোগ পৰিয়ালৰ

আৰক্ষীয়ে সেই ঘটনাটোৰ তদন্ত আৰম্ভ কৰে। তদন্তটো ডেৰ বছৰ ধৰি চলিছিল। তেতিয়াই অভিযুক্ত স্বামী আৰক্ষীৰ জালত ধৰা পৰে। তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত প্ৰমাণ আছে। অভিযুক্ত স্বামীৰ নাম সঞ্জীব।

২০২১ চনৰ আগষ্টত সঞ্জীবৰ পত্নী ৰম্যা নিৰুদ্দেশ হৈছিল। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সঞ্জীবে নোজাৰাক্কাল আৰক্ষী থানাত এটা নিৰুদ্দেশৰ অভিযোগ দাখিল কৰে। এই ঘটনাটোত যাতে তেওঁক সন্দেহ নকৰে তাৰবাবে সঞ্জীবে চেষ্টাৰ ত্ৰুটি কৰা নাছিল। কিন্তু তেওঁ আৰক্ষীৰ সন্দেহভাজনৰ তালিকাত আছিল। পুলিচে তেওঁক সম্পূৰ্ণ নজৰত ৰাখিছিল। অৱশেষত এবছৰ ধৰি নিৰীক্ষণ কৰাৰ পিছত আৰক্ষীয়ে সঠিক প্ৰমাণ লাভ কৰি তেওঁক গ্ৰেপ্তাৰ কৰে।

প্ৰাথমিক তথ্য অনুসৰি, ৰম্যাই তেওঁৰ স্বামী সঞ্জীবৰ সৈতে ফোনত কাজিয়া কৰিছিল। সেই কাজিয়াৰ পিছত সঞ্জীবে ৰম্যাক নিৰ্মমভাৱে হত্যা কৰিছিল। তাৰ পিছত তেওঁক ঘৰতেই সমাধিস্থ কৰিছিল আৰু ডেৰ বছৰ ঘৰতে আছিল। আনকি অভিযুক্ত স্বামীয়ে দ্বিতীয় বিবাহৰ বাবেও প্ৰস্তুতি চলাই আছিল আৰু কৈছিল যে পত্নীয়ে আন কাৰোবাৰ সৈতে গুচি গৈছে।

লগতে পঢ়ক: প্ৰত্যাহ্বানৰ মুখত মোদীৰ ‘আত্মনিৰ্ভৰ’ ভাৰত! ২০২২ চনত অভিলেখ পৰিমানে বৃদ্ধি চীনা সামগ্ৰীৰ আমদানি

আৰক্ষীৰ তদন্তৰ সময়ত ঘৰৰ বাসস্থানৰ কাষতে মহিলাগৰাকীৰ মৃতদেহৰ অংশ পোৱা গৈছিল। যাৰ পৰা সন্দেহ ঘণীভূত হৈ পৰে। অৱশেষত প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে স্বামী সঞ্জীবক তেওঁৰ পত্নীক হত্যা কৰা আৰু প্ৰমাণ ধ্বংস কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।