NORTHEAST NOW (Assamese)

জোঁৱায়েকৰ হাতত প্ৰাণ হেৰুৱালে শহুৰেকে, কৃষ্ণাইত চাঞ্চল্য

October 25, 2018 11:19 am · নীলমণি শৰ্মা
Updated: October 25, 2018 11:21 am
প্ৰতিনিধিত্বমূলক ছবি

বুধবাৰে নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই গোৱালপাৰা জিলাৰ কৃষ্ণাই থানাৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তৰ ছেংমাৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মদৰ ৰাগিত এজন লোকে হত্যা কৰিলে নিজ শহুৰেকক৷

নিহত লোকজনক ছেংমাৰীৰ কেৱাৰচন চাংমা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত মতে বুধবাৰে নিশা শহুৰ জোঁৱায়েকে একেলগে মদ্যপান কৰি আছিল আৰু মদৰ ৰাগিত দুয়োৰে মাজত কিবা কথাক লৈ কাজিয়াৰ সুত্ৰপাত হয়।

পিছত এটা সময়ত উত্তেজিত জোঁৱায়েকে কাঠৰ টুকুৰা এটাৰে শহুৰেকৰ মূৰত আঘাত কৰাত কেৱাৰচন চাংমাৰ থিতাতে মৃত্যু হয়।ঘটনা সংঘটিত কৰিয়েই হত্যাকাৰী জোঁৱায়েক চেৱাচটিন কে মাৰাক নিশাই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

আনহাতে, হত্যাকাণ্ডৰ সময়ত পৰিয়ালৰ বাকীবোৰ সদস্য টোপনিত আছিল, যাৰ বাবে আজি পুৱাহে হত্যাকাণ্ডৰ কথা গম পাই পৰিয়ালটোৰ লোকে আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীয়ে হত্যাকাৰী জোঁৱায়েকক বিচাৰি তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে তেওঁক আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News