NORTHEAST NOW (Assamese)

পত্নীৰ ক্ৰেডিট কাৰ্ডেৰে প্ৰেমিকাৰ ট্ৰেফিক ফাইন আদায় দি ‘ফান্দ’ত পৰিল এই কীৰ্তিমান!

January 30, 2021 10:44 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

কোনোবাই তেওঁৰ ক্ৰেডিট কাৰ্ড হেক কৰাৰ অভিযোগ লৈ এগৰাকী মহিলাই ঢপলিয়াই আহি থানা পালে। কিন্তু ক্ৰেডিট কাৰ্ডৰ ৰহস্য উদ্ঘাটন হোৱাৰ পাছতেই চকু কপালত উঠিল।

মহিলাগৰাকীয়ে গম পালে যে অইন কোনো নহয় এই কাণ্ড কৰিছে তেওঁৰ স্বামীয়ে। তাকো নিজৰ কোনো কামৰ বাবে নহয়।

কীৰ্তিমান এই স্বামীয়ে পত্নীৰ ক্ৰেডিট কাৰ্ডেৰে ট্ৰেফিক ফাইন আদায় দিছে প্ৰেমিকাৰ।

ঘটনা অনুসৰি, মহিলাগৰাকীয়ে তেওঁৰ ক্ৰেডিট কাৰ্ডৰ চাৰ্জ সন্দৰ্ভত এটা নটিফিকেশ্যন লাভ কৰে। লগে লগে তেওঁ কাৰ্ডখন ফ্ৰীজ কৰি দিয়ে আৰু আৰক্ষীৰ ওচৰত গৈ অভিযোগ দাখিল কৰে।

মহিলাগৰাকীয়ে কাৰ্ডখন কৰ’বাত পৰি যোৱা বুলি ভাৱিছিল। ডুবাই আৰক্ষীৰ চাইবাৰ ক্ৰাইমৰ ডেপুটি ডিৰেক্টৰে জানিবলৈ দিয়ে যে মহিলাগৰাকীয়ে তেওঁৰ অভিযোগত কোনো অজ্ঞাত ব্যক্তিয়ে তেওঁৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি ট্ৰেফিক ফাইন আদায় দিছে।

তদন্তত তেওঁৰ কাৰ্ডখন হেক নোহোৱাটো ওলাই পৰে। ইয়াৰ বিপৰীতে সন্মুখলৈ আহে আন ভয়ংকৰ ৰহস্য। মহিলাগৰাকীৰ কাৰ্ডখন যিয়ে ব্যৱহাৰ কৰিছে তেওঁ আন কোনো নহয়, তেওঁৰেই স্বামীৰ প্ৰেমিকা।

আৰক্ষীয়ে জানিবলৈ দি কয়,’’ আমি পাৰ্চেজ ট্ৰেনজেকশ্যন ট্ৰেক কৰি সেই মহিলাক চিনাক্ত কৰো। তাৰপাছত জেৰাত তেওঁ কয় যে তেওঁৰ প্ৰেমিক যে এগৰাকী বিবাহিত ব্যক্তি সেয়া তেওঁ একেবাৰে জনা নাছিল।

আৰক্ষী বিষয়াগৰাকীয়ে কয়, ‘’এইটো সঁচাকৈয়ে আচৰিত ঘটনা। সেই মহিলাগৰাকীয়ে জানিবই পৰা নাছিল যে তেওঁৰ অজানিতে স্বামীয়ে তেওঁৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰিছে। তেওঁৰ কাৰ্ডেৰেই প্ৰেমিকাৰ ট্ৰেফিক আইন আদায় দিছে। আনহাতে, সেই যুৱতীগৰাকীয়েও জনা নাছিল যে তেওঁৰ প্ৰেমিকা এগৰাকী বিবাহিত পুৰুষ।‘’

এতিয়া এই ঘটনাৰ পাছত কীৰ্তিমান পুৰুষগৰাকীৰ অৱস্থা মুঠেই ভাল নহয়। আশা কৰা মতেই তেওঁ এতিয়া সম্পূৰ্ণ ‘আইছ’লেশ্যন’ত আছে।

Related News