চাঞ্চল্য! ফোনত পৰ্ণ চোৱাৰ বাবেই পুত্ৰৰ প্ৰাণ ল’লে পিতৃয়ে

man killed son for watching adult films

মহাৰাষ্ট্ৰৰ সোলাপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰ্ণ’গ্ৰাফী চোৱাৰ বাবেই নিজৰ ১৪ বছৰীয়া পুত্ৰক হত্যা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ব্যক্তি। প্ৰকাশিত খবৰ অনুসৰি, পুত্ৰই ফোনত ফোন চোৱা বুলি বিদ্যালয়ৰ পৰা অভিযোগ লাভ কৰাৰ বাবেই খঙৰ ভমকত পুত্ৰক হত্যা কৰিছে ব্যক্তিজনে। অভিযুক্ত লোকজনক বিজয় বাট্টু বুলি চিনাক্ত কৰা হৈছে।

দৰ্জী হিচাপে কাম কৰা বিজয়ে পত্নী আৰু দুটা সন্তানৰ সৈতে সোলাপুৰ চহৰত বাস কৰিছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিজয় বাট্টুৱে পুত্ৰ বিশালক হত্যা কৰাৰ কথা সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিছিল। এই কথা জনোৱা নাছিল পত্নীকো। যোৱা ১৩ জানুৱাৰীত বিজয় আৰু তেওঁৰ পত্নীয়ে পুত্ৰ নিৰুদ্দেশ হোৱা বুলি স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। কিছুদিন পিছতে আৰক্ষীয়ে দম্পতীহালৰ ঘৰৰ সমীপৰ এটা নলাত বিশালৰ মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে কিশোৰজনৰ মৃতদেহ। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহে এক চাঞ্চল্যকৰ তথ্য।

বিশালৰ মৃতদেহৰ ভিতৰত ছডিয়াম নাইট্ৰেট নামৰ বিষাক্ত পদাৰ্থ উদ্ধাৰ কৰা হৈছে বুলি প্ৰকাশ পায় মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত। ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰি বিজয়ৰ পৰিয়াল আৰু ওচৰ-চুবুৰীয়াক সোধা-পোছা কৰিবলৈ আৰম্ভ কৰে। সোধা-পোছাৰ সময়ত আৰক্ষীয়ে বিজয়ে দিয়া তথ্যত আসোঁৱাহ লক্ষ্য কৰে।

তাৰ মাজতে বিজয়ে ২৮ জানুৱাৰীত পত্নীৰ আগত পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰে। বিজয়ে পত্নীৰ আগত উল্লেখ কৰা মতে বিশালৰ বিদ্যালয়ৰ পৰা আন ছাত্ৰ-ছাত্ৰীক অশান্তি দিয়া আৰু পঢ়া-শুনাত মনোনিৱেশ নকৰাৰ কেইবাটাও অভিযোগ আহিছিল। বিদ্যালয়ৰ পৰা পুত্ৰৰ বিষয়ে এইদৰে নিয়মীয়াকৈ অভিযোগ লাভ কৰাত বিচলিত হৈ পৰে বিজয়।

লগতে ঘৰত বিশালৰ আচৰণ আৰু পৰ্ণৰ প্ৰতি থকা নিচাক লৈও বিজয় অসন্তুষ্ট হৈ পৰিছিল। ১৩ জানুৱাৰীৰ ৰাতিপুৱা বিজয়ে পুত্ৰক বাইকত লৈ ওলাই আহি ছডিয়াম নাইট্ৰেট মিহলি শীতল পানীয় খাবলৈ দিয়ে। বিশাল অচেতন হৈ পৰাত বিজয়ে মৃতদেহটো ঘৰৰ ওচৰৰ এটা নলাত পেলাই দিয়ে। ইয়াৰ পিছতে বিজয়ৰ পত্নী কীৰ্তিয়ে স্বামীৰ স্বীকাৰোক্তিৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

আৰক্ষীয়ে বিজয়ক গ্ৰেপ্তাৰ কৰি ২৯ জানুৱাৰীত দণ্ডাধীশ আদালতত হাজিৰ কৰে। আদালতে অভিযুক্ত বিজয়কক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে।