• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিলৈ! বিনা টিকটত ৰে’ল যাত্ৰা, তাতে ধূম্ৰপান: আটক বন্দে ভাৰতৰ যাত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 10, 2023 5:17 pm
Vande Bharat Express
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ চৰ্চালৈ আহিছে বন্দে ভাৰত এক্সপ্ৰেছ। দেশীয় নিৰ্মিত অভিলাসী ৰে’লখন কাৰ্যক্ষম হোৱাৰ পিছৰে পৰা সংবাদ শিৰোনামত থকাটো কোনো নতুন কথা কথা নহয়। প্ৰায়ে যাত্ৰাপথত গৰু-ম’হ মহতিওৱাৰ ফলত ক্ষতিগ্ৰস্ত হোৱাৰ বাবেই বিশেষকৈ চৰ্চালৈ আহে বন্দ ভাৰত।

এইবাৰ অৱশ্যে আন এক কাৰণতহে বাতৰিৰ শিৰোনাম দখল কৰিছে বন্দে ভাৰতে। ৰে’লখনত যাত্ৰা কৰা এগৰাকী যাত্ৰীৰ অনাহক হাবিয়াস পূৰণৰ চেষ্টাৰ বাবেহে বন্দে ভাৰত এক্সপ্ৰেছ পুনৰ চৰ্চালৈ আহিছে। এই ঘটনা ঘটিছে অন্ধ্ৰ প্ৰদেশত।

Apply Now

অন্ধ্ৰ প্ৰদেশৰ তিৰুপতিৰ পৰা ছিকন্দৰাবাদলৈ যাত্ৰা কৰা ৰে’লখন গন্তব্যস্থানত উপস্থিত হোৱাৰ আঠঘণ্টা থাকোঁতেই হঠাতে বাজি উঠে জৰুৰীকালীন এলাৰ্ম। চলন্ত ৰে’লখনত লগে লগে সৃষ্টি হয় এক আতংকময় পৰিৱেশৰ। সম্ভাৱ্য বিপদৰ সম্ভেদ বিচাৰি অনুসন্ধান আৰম্ভ হয়।

অনুসন্ধানৰ সময়তে পোহৰলৈ আহে সমগ্ৰ ঘটনা। ৰে’লৱে আৰক্ষীয়ে অগ্নিনিৰ্বাপক যন্ত্ৰৰে ৰে’লৰ শৌচাগাৰৰ খিৰিকীৰ কাঁচ ভাঙি পেলায় আৰু ভিতৰত উদ্ধাৰ কৰে এগৰাকী যাত্ৰীক। এই যাত্ৰীগৰাকীৰ কৃতকৰ্মৰ বাবেই বন্দে ভাৰতত মুহূৰ্ততে সৃষ্টি হৈছিল আতংকৰ।

প্ৰকাশিত খবৰ অনুসৰি, বৈধ টিকট নোহোৱাকৈয়ে ৰে’লখনত উঠিছিল যাত্ৰীগৰাকী। ৰে’লত উঠাৰ পাছতে তেওঁৰ চিগাৰেট খোৱাৰ ইচ্ছা হ’ল আৰু শৌচাগাৰৰ ভিতৰত সোমাই তেওঁ হাবিয়াস পূৰণৰ বাবে চিগাৰেটত টান দিলে।

পিছে দুৰ্কপাল! যাত্ৰীগৰাকী জ্ঞাত নাছিল ৰে’লখনত থকা স্বয়ংক্ৰিয় জৰুৰীকালীন চেঞ্চৰ তথা এলাৰ্মৰ বিষয়ে। চিগাৰেটত টান দিয়াৰ লগে লগে এই এলাৰ্ম বাজি উঠে আৰু স্বয়ংক্ৰিয়ভাৱে অগ্নিনিৰ্বাপক যন্ত্ৰৰ পৰা কম্পাৰ্টমেণ্টটোৰ মাজেৰে এৰ’ছল স্প্ৰে’ হয়।

ইফালে জৰুৰীকালীন এলাৰ্মত ভীতিগ্ৰস্ত যাত্ৰীসকলে ডবাটোত থকা জৰুৰীকালীন ফোন ব্যৱহাৰ কৰি ৰে’লৱে আৰক্ষীকো সতৰ্ক কৰি দিয়ে। এনে আতংকময় পৰিস্থিতিৰ বাবে মানুবুলু ষ্টেচনৰ ওচৰতে ৰে’লখন ৰখাই দিয়া হয়।

ৰে’লৱে আৰক্ষীৰ তৎকালীন অভিযানত ধৰা পৰে যাত্ৰীগৰাকী। ধূমপায়ী যাত্ৰীগৰাকীক লগে লগে ৰে’লৱে আৰক্ষীয়ে আটক কৰে আৰু তাৰ পিছতে ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে। মূৰকত অনাহক হাবিয়াস পূৰণ কৰিবলৈ গৈ বিপদত পৰে টিকটবিহীন যাত্ৰীগৰাকী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd