গ্ৰেপ্তাৰ কৰা হৈছে আহমেদাবাদত নাগালেণ্ডৰ মহিলাক আক্ৰমণ কৰা দুৰ্বৃত্তক

উত্তৰ-পূবৰ ৰাজ্য নাগালেণ্ডৰ এগৰাকী মহিলাক আক্ৰমণৰ অভিযোগত অভিযুক্ত মহচিন ৰেংৰেজক গ্ৰেপ্তাৰ কৰা হৈছে।

নিজৰ ব্যৱসায়িক সহযোগী নাগালেণ্ডৰ এগৰাকী ২৪ বছৰীয়া মহিলাক নিৰ্মমভাৱে আক্ৰমণ কৰা গুজৰাটৰ আহমেদাবাদৰ স্পাৰ স্বত্বাধিকাৰী মহছিন ৰেংৰেজক বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগকাৰীক গুৰুদ্বাৰাত সাক্ষাৎ কৰিবলৈ যোৱাৰ সময়তে গুজৰাট ডানিলিমদাৰ বাসিন্দা মহচিন ৰেংৰেজ (২৯) নামৰ  লোকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।  

লগতে পঢ়কঃ শিহৰণকাৰী ঘটনা! গৰ্ভৱতী হৈ পৰা অবিবাহিতা যুৱতীৰ গাত জুই লগাই দিলে মাক আৰু ককায়েকে!

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এটা ভিডিঅ’ পোহৰলৈ আহিছিল য’ত দেখা গৈছে যে আহমেদাবাদত উত্তৰ-পূবৰ এগৰাকী মহিলা এজন লোকৰ আক্ৰমণৰ বলি হৈছে।

গুজৰাটৰ আহমেদাবাদৰ স্পাৰ মালিকজনে নাগালেণ্ডৰ এগৰাকী ২৪ বছৰীয়া মহিলাক আক্ৰমণ কৰি চুলিত ধৰি টানে।

মহিলাগৰাকীয়ে ২৫ ছেপ্টেম্বৰত এই ঘটনাৰ বলি হৈছিল আৰু তাৰ পিছতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল ইয়াৰ ভিডিঅ’।

সমগ্ৰ ঘটনাটো স্পাৰ বাহিৰত চিচিটিভি কেমেৰাত বন্দী হৈছিল আৰু এজাহাৰ ৰুজু হোৱাৰ পিছত ২৭ ছেপ্টেম্বৰৰ পৰা এই গোচৰৰ তদন্ত আৰম্ভ হয়।

লগতে পঢ়কঃ ইয়াৰফোন, লকেট, স্ক্ৰু, ৰাখী কি যে নাছিল – পেট নহয় যেন মিউজিয়ামহে! স্তম্ভিত চিকিৎসক

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হোৱা এই ভিডিঅ’টোত দেখা গৈছে যে মহছিনে মহিলাগৰাকীক নিৰ্মমভাৱে আক্ৰমণ চলোৱাৰ লগতে আনকি কাপোৰ-কানিও ফালি পেলাইছে।

খবৰ অনুসৰি উত্তৰ-পূবৰ ভুক্তভোগী মহিলাগৰাকীয়ে ঘটনাৰ পিছত দুদিন ধৰি অভিযুক্তৰ বিৰুদ্ধে অভিযোগ দাখিল কৰাৰ পৰা বিৰত থাকে।

কিন্তু আৰক্ষীয়ে এগৰাকী সমাজকৰ্মীৰ সহায়ত মহিলাগৰাকীৰ ওচৰলৈ হাত আগবঢ়াই কাউন্সেলিং প্ৰদান কৰে আৰু তাৰ পিছতে এই গোচৰৰ এফআইআৰ ৰুজু কৰা হয়।

লগতে পঢ়কঃ কি যে বিড়ম্বনা, গ্ৰীচত ১ কুইণ্টল ভাং খাই ভেড়া হৈ পৰিল ‘ছাগলী’!

জেৰাৰ সময়ত জানিব পৰা গৈছে যে ভুক্তভোগী মহিলাগৰাকীয়ে ব্যৱসায়িক অংশীদাৰ মহছিনৰ সৈতে কাজিয়াত লিপ্ত হৈছিল যিটো পিছত হিংসাত্মক ৰূপত পৰিণত হৈছিল।