অহা ১০ অক্টোবৰত পৰ্যটকৰ বাবে পুনৰ মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে মানাহ ৰাষ্ট্ৰীয় উদ্যানে ইতিমধ্যে বিশেষ সঁহাৰি লাভ কৰি আহিছে।
এইবাৰ মানাহক প্রদূষণমুক্ত কৰি ৰখাৰ বাবে বন বিভাগে বিশেষ উদ্যোগ গ্রহণ কৰিছে। মানাহ ব্যাঘ্র প্রকল্পৰ ক্ষেত্র সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জনোৱা মতে পর্যটকে উদ্যানখনৰ বাঁহবাৰীৰ প্ৰৱেশদ্বাৰ, কাহিটেমা বিট অফিচ, ভূঁয়াপাৰা ৰেঞ্জ অফিচ, ককিলাবাৰী আৰু পাণবাৰী ৰেঞ্জ অফিচৰ প্ৰৱেশ পথেৰে উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰিব পাৰিব।
বন বিভাগে উদ্যানখনৰ ভিতৰত বনভোজ খোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। বিভাগে উদ্যানখনক প্রদূষণমুক্ত কৰি ৰখাৰ উদ্দেশ্যে সকলো পর্যটককে উদ্যানখনৰ ভিতৰত প্ৰৱেশৰ সময়ত লগত নিয়া প্লাষ্টিক পেকেট, পানীৰ বটল আদিৰ তথ্য প্রৱেশ পথত দি যাব লাগিব।
সেইদৰে পৰ্যটকসকলে উভতি আহোঁতে উক্ত সামগ্ৰীসমূহৰ খালী পেকেটসমূহ কর্তৃপক্ষৰ আগত প্ৰদৰ্শন কৰাৰ নিয়ম বান্ধি দিয়া হৈছে। আনহাতে, কোনো পর্যটকে উদ্যানখনৰ ভিতৰত প্লাষ্টিকৰ সামগ্রী এৰি থৈ আহিলে উদ্যানখনৰ আইন অনুসৰি জৰিমনা ভৰিব লাগিব।
উল্লেখযোগ্য যে যোৱা ৩০ জুনৰ পৰা সাধাৰণ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক হিৰণ্য কুমাৰ শৰ্মাই জাৰি কৰা এক নিৰ্দেশনা অনুসৰি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছিল। উদ্যানখনৰ ভিতৰি ভাগৰ বাট-পথসমূহ বৰষুণৰ বাবে পৰিত্যক্ত হৈ পৰাত কৰ্তৃপক্ষই এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিছিল।
বিগত বৰ্ষৰ ১৫ অক্টোবৰতে ব্যাঘ্ৰ প্ৰকল্পৰ সঞ্চালক শৰ্মাৰ উপস্থিতিত বি টি চিৰ কাৰ্যবাহী সদস্য অনছুমৈ ব্ৰহ্মৰ সহযোগিতাত বি টি এ ডিৰ মুখ্য সচিব বীৰেন্দ্ৰ চন্দ্ৰ ফুকনে পৰ্যটকৰ বাবে মুকলি কৰিছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। তেতিয়াৰ পৰাই দেশী-বিদেশী পৰ্যটকে ৩০ জুনলৈকে ৰাষ্ট্ৰীয় উদ্যানখনত ভিৰ কৰিছিলহি।
আনহাতে, মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই তথ্য সদৰী কৰিছিল যে বিগত ২০১৭ চনৰ এপ্ৰিল মাহৰ পৰা ৩৭,২৬৭ গৰাকী দেশীয় পৰ্যটক আৰু সেই বৰ্ষৰে একে মাহৰ পৰা ৪৮০গৰাকী বিদেশী পৰ্যটক মানাহলৈ আহিছিল। ইয়াৰ ফলত উদ্যান কৰ্তৃপক্ষই ৮০,৭১,০৩৫ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল।