NORTHEAST NOW (Assamese)

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো মণ্ডল কাননগো সন্মিলনীৰ অসহযোগ আন্দোলন

September 24, 2018 3:32 pm · উত্তম শইকীয়া

সমগ্ৰ ৰাজ্যৰ লগতে বোকাখাততো আজিৰে পৰা আৰম্ভ হৈছে মণ্ডল কাননগো সন্মিলনীৰ অসহযোগ আন্দোলন।

এই উপলক্ষে আজি পুৱা বোকাখাতৰ সমূহ মণ্ডল কাননগোয়ে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুঘণ্টা জোৰা অৱস্থান ধৰ্মঘট পালন কৰি দিনটোৰ বাবে অসহযোগ কাৰ্যসূচী পালন কৰি বিভাগীয় কামকাজৰ পৰা বিৰত থাকে।

তাৰোপৰি মণ্ডল কাননগো সন্মিলনীৰ বোকাখাত চক্ৰ সমিতিৰ সম্পাদক প্ৰণৱ বৰাই নৰ্থ ইষ্ট নাওক কয় যে, ‘বিভিন্ন দাবীৰ লগতে মণ্ডল কাননগো সকলক কাৰিকৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবেও আমি দাবী জনাইছো।’

উল্লেখযোগ্য যে অসমত ভূমিৰ পুনৰ বন্দোবস্ত প্রক্রিয়া অতি শীঘ্র আৰম্ভ কৰা আৰু  মণ্ডল কাননগাে সকলক আন্তঃজিলা বদলিকৰণৰ প্ৰস্তাৱ পুনঃ বিবেচনা কৰাৰ উপৰিও  সদৌ অসম মণ্ডল কানগো সন্মিলনীৰ অন্যান্য দীর্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ দাবীত আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ প্ৰথম পৰ্যায়ৰ অসহযোগ আন্দোলন ৷
মণ্ডল কাননগো সকলৰ এই অসহযোগ আজিৰে পৰা ২৬ ছেপ্তেম্বৰলৈকে চলিব বুলি জানিব পৰা গৈছে ৷ অহা ৩ অক্টোবৰৰ পৰা মণ্ডল কাননগো সকলৰ দ্বিতীয় পৰ্যায়ৰ আন্দোলন আৰম্ভ হ’ব বুলিও সন্মিলনীৰ তৰফৰ পৰা জানিব পৰা গৈছে ৷

Related News