NORTHEAST NOW (Assamese)

মণিপুৰত ৩.৭৪ কোটি টকাৰ ৪০ খন সোণৰ বিস্কুট জব্দ

February 25, 2023 9:20 pm · এন ই নাও নিউজ, ইম্ফল
Updated: February 25, 2023 6:38 pm

শনিবাৰে মণিপুৰৰ মৰেহত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সোণ। মণিপুৰৰ মৰেহত জব্দ কৰা হৈছে আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি প্ৰায় চাৰি কোটি টকা মূল্যৰ ৪০ খন সোণৰ বিস্কুট। জানিব পৰা মতে জব্দীকৃত এই বিস্কুট কেইখনৰ ওজন প্ৰায় ৬.৬৪ কিলোগ্ৰাম।

শুকুৰবাৰে প্ৰায় ৫ বজাত মৰেহ ৱাৰ্ডত আসাম ৰাইফলছে এই সোণ সৰবৰাহী দলটো কৰায়ত্ব কৰিবৰ বাবে অভিযান আৰম্ভ কৰে। এই অভিযানৰ অন্তত আসাম ৰাইফলছে ইণ্ডোম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলত থংখোপাই কুকী নামে খ্যাত এটি আন্তঃৰাষ্ট্ৰীয় সোণ সৰবৰাহকাৰীৰ পৰা ৪০টা সোণৰ বিস্কুট উদ্ধাৰ কৰে।

সীমান্তৰ সিপাৰৰ পৰা পোৱা খবৰৰ ওপৰত ভিত্তি কৰি বিশাল সোণৰ বিস্কুট ম্যানমাৰৰ পৰা ভাৰতলৈ চোৰাংভাৱে অহাৰ খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতেই চক্ৰটোক ধৰিবলৈ আসাম ৰাইফলছৰ জোৱানে মৰেহত ঘৰে ঘৰে তালাছী চলাই আন্তঃৰাষ্ট্ৰীয় সোণৰ স্মাগলাৰ চক্ৰটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে শেহতীয়াকৈ উত্তৰপূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কেইবাটাও কৰিডৰেদি আন্তঃৰাষ্ট্ৰীয় অস্ত্ৰ, ড্ৰাগছ, জন্তু আৰু সোণ সৰবৰাহকাৰীয়ে ভাৰতত এক চিণ্ডিকেটৰ সৃষ্টি কৰিছে বুলি বিভিন্ন মাধ্যমত অভিযোগ উত্থাপন হৈছে।

Related News