সেনাৰ মতে মণিপুৰ শান্ত; গণ প্ৰহাৰত আহত বিজেপি বিধায়কৰ অৱস্থা সংকটজনক

গণ প্রহাৰত গুৰুতৰভাৱে আহত মণিপুৰৰ বিজেপি বিধায়ক থানলন ভুঞ্জাগিন ভাল্টে। ফটো: সংগ্ৰহীত।

বৰ্তমান মণিপুৰ শান্ত হৈছে। ইয়াৰ মাজতে মণিপুৰৰ এগৰাকী বিজেপি বিধায়ক জনতাৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আহত হৈ চিকিৎসালয়ত ভৰ্তি হোৱাৰ খবৰ আহিছে। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক।

বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈ নিজৰ বাসগৃহলৈ উভতি অহাৰ পথত তেওঁৰ গাড়ীত জপিয়াই উন্মত্ত জনতাৰ দল। বিধায়কগৰাকীক গণ প্ৰহাৰ কৰাৰ ফলত গুৰুতৰভাৱে আহত হয়।

ইপিনে, শুকুৰবাৰে পুৱা সেনাই ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে। চুৰাচান্দপুৰকে ধৰি বিভিন্ন স্পৰ্শকাতৰ অঞ্চলত অব্যাহত আছে সেনাৰ ফ্লেগমাৰ্চ।

লগতে পঢ়ক: অশনি সংকেত! মেঘালয়লৈও বিয়পিছে কুকি-মেইটেই হিংসা, ১৬জনক আটক

বৃহস্পতিবাৰে বিয়লি ইম্ফলৰ ৰাজ্যিক সচিবালয়ত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে বৈঠকত মিলিত হৈ ঘৰলৈ উভতি আহিছিল মণিপুৰৰ তিনিবাৰৰ বিধায়ক থানলন ভুঞ্জাগিন ভাল্টে। বাটতে তেওঁক আক্ৰমণ কৰা হয়।

জানিব পৰা মতে, প্ৰতিবাদকাৰীৰ ৰুদ্ৰমূৰ্তি দেখি তেওঁৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষীয়ে পলায়ন কৰে। উন্মত্ত জনতাই বিধায়কগৰাকী আৰু তেওঁৰ গাড়ী চালকক ঘেৰাও কৰি মাৰপিট কৰে।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ভাল্টেক উদ্ধাৰ কৰি ইম্ফলৰ ৰিজিঅ’নেল ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সংকটজনক।

লগতে পঢ়ক: হানী ট্ৰেপিঙৰ ফান্দত DRDO’ৰ বিজ্ঞানী; পাকিস্তানৰ হাতত ভাৰতৰ গুৰুত্বপূৰ্ণ তথ্য! গ্ৰেপ্তাৰ কুৰুলকাৰ

ভাল্টে কুকি সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰে। মণিপুৰৰ পূৰ্বৰ বিজেপি চৰকাৰৰ দিনত তেওঁ জনজাতি আৰু পাৰ্বত্য পৰিক্ৰমা মন্ত্ৰী আছিল।