NORTHEAST NOW (Assamese)

মণিপুৰত পাঁচগৰাকী কংগ্ৰেছ বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ

August 12, 2020 10:34 am · এন ই নাও নিউজ

মণিপুৰ বিধানসভাৰ অধ্যক্ষ ওৱাই খেমচান্দ সিঙে মঙলবাৰে কংগ্ৰেছৰ ছয়গৰাকীৰ ভিতৰত পাঁচগৰাকী বিধায়কৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে।

বিজেপি নেতৃত্বাধীন চৰকাৰে আস্থাৰ ভোট অনুষ্ঠিত কৰাৰ দিনটোতে কংগ্ৰেছৰ বিধায়ক সকলে পদত্যাগ পত্ৰ দাখিল কৰিছিল।

বিধানসভাৰ অধ্যক্ষই পদত্যাগ পত্ৰ গ্ৰহণ কৰা বিধায়ক কেইগৰাকী হৈছে ক্ৰমে- ওকৰাম হেনৰী, নাগামথাং হাওকিপ, ঐইনাম লুখোই, গিনচুনাহু আৰু মহম্মদ আব্দুল নাছিৰ।

আনহাতে, পদত্যাগ পত্ৰ দাখিল কৰা আন এগৰাকী কংগ্ৰেছ বিধায়ক পাওনাম ব্ৰ’জেনৰ পদত্যাগ পত্ৰ এতিয়াও অধ্যক্ষই গ্ৰহণ কৰা নায়।

ব্ৰ’জেনক বিধায়ক হিচাপে অযোগ্য ঘোষণা কৰাৰ বাবে এখন আবেদন অধ্যক্ষৰ ন্যায়াধিকৰণত দাখিল কৰা হৈছিল। শুকুৰবাৰে আবেদনখনৰ শুনানি গ্ৰহণ কৰা হ’ব।

বিৰোধীৰ দাবীৰ পাছতে মণিপুৰৰ মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে শুকুৰবাৰে আস্থাৰ ভোট  অনুষ্ঠিত কৰিছিল আৰু আস্থাৰ ভোটত বিজেপি দলে জয়লাভ কৰিবলৈ সক্ষম হৈছিল।

কংগ্ৰেছৰ ২৪ গৰাকী বিধায়কৰ ভিতৰত আঠগৰাকী বিধায়কে অংশগ্ৰহণ কৰা নাছিল আৰু এই আঠগৰাকী বিধায়কৰ ভিতৰত ছয়গৰাকী বিধায়কে পদত্যাগ পত্ৰ দাখিল কৰিছিল।

Related News