• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাজিৰঙাত উকা কেনভাচত ৰং-তুলিকা বুলাই ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাৰ ৰাজপথত মণিপুৰ কাণ্ডৰ প্ৰতিবাদ

 কাজিৰঙা অধ্যয়ন চক্ৰ উদ্যোগ আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰৰ পৰিষদৰ সহযোগ

উত্তম কুমাৰ শৰ্মা by উত্তম কুমাৰ শৰ্মা
July 22, 2023 1:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘যি সময়ত  নাৰীক মাতৃ হিচাপে পূজা কৰা হয়, ঠিক তেনে সময়তে আমাৰ দেশত প্ৰতি মুহূৰ্ততে নাৰী সমাজ লাঞ্ছনা-বঞ্চনাৰ বলি হৈ আহিছে৷ তাৰেই উদাহৰণ শেহতীয়া মণিপুৰ কাণ্ড৷ চৰকাৰৰ উদাসীনতাৰ বাবেই মণিপুৰত ভাতৃঘাতী সংঘৰ্ষৰ সমান্তৰালভাৱে নাৰী নিৰ্যাতন অব্যাহত আছে৷’— মণিপুৰৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে শুক্ৰবাৰে কাজিৰঙাৰ ৰাজপথত প্ৰতিবাদ কৰি এইদৰে কয় কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই৷

Apply Now

উল্লেখ্য যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত যিখন ৰাজ্যত প্ৰায় ১৭ বছৰ ধৰি অনশন কৰা হৈছে, যি খন মণিপুৰত অসম ৰাইফলচৰ ধৰ্ষণ কাৰ্যৰ বিৰুদ্ধে উলংগ হৈ মহিলাই প্ৰতিবাদ কৰিছে সেইখন মণিপুৰ আজি জ্বলিছে৷ অথচ শাসক নিদ্ৰাত৷ যোৱা ৩ মে’ৰ পৰা অসমৰ চুবুৰীয়া ৰাজ্য মণিপুৰত দুই জনগোষ্ঠীৰ মাজত চলি থকা সংঘাত তথা শেহতীয়াকৈ ভাইৰেল হোৱা নাৰী নিৰ্যাতনৰ ভিডিঅ’ৰ পাছতেই আজি কাজিৰঙাত চিত্ৰ অংকনেৰে কৰা হয় এক প্ৰতিবাদ৷ কাজিৰঙা অধ্যয়ন চক্ৰৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাজিৰঙা আঞ্চলিক সমিতি আৰু ৰাইজৰ সহযোগত মণিপুৰৰ নাৰকীয় কাণ্ডৰ বিৰুদ্ধে ওলাই অহা চিত্ৰশিল্পীৰ দলটোৱে ৰং-তুলিকাৰে কৰে এই প্ৰতিবাদ৷ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ মুখ্য কেন্দ্ৰস্থল কহঁৰা চাৰিআলিৰ মাজমজিয়াত চিত্ৰ অংকণেৰে কৰা হয় এই প্ৰতিবাদ৷ হাতে হাতে ৰং-তুলিকা লৈ উকা কেনভাচত ৰাষ্ট্ৰযন্ত্ৰৰ উদাসীনতা আৰু নাৰকীয় কাণ্ডৰ প্ৰতিবাদ কৰে৷

অনুষ্ঠানত কাজিৰঙা অধ্যয়ন চক্ৰৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি সাহাই কয় যে বুধবাৰে ৰাজ্যখনৰ দুগৰাকী যুৱতীৰ নিৰ্যাতনৰ নগ্ন ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত এনে অনুভৱ হৈছে যে আমি প্ৰকৃতাৰ্থত আধুনিক যুগৰ মানুহ হয় জানো? কাজিৰঙাৰ কহঁৰা চাৰিআলিত উকা কেনভাচত ৰং বুলাই চিত্ৰশিল্পী ইঞ্জু আহমেদে কয়, মানৱ সভ্যতাৰ বাবে লাজ লগা এটা বিষয় জনগণৰ মাজলৈ আহিল৷ কিন্তু, শাসক পক্ষ মৌন৷ মূল কথাটো হ’ল, যেতিয়াই পৃথিৱীত যি দুৰ্ভাগ্যজনক ঘটনা হয়, তাতেই নাৰী জাতিটো শোষিত হ’বলগীয়া হৈ আহিছে৷ নাৰী জাতিটোক কেৱল পণ্য হিচাপে ব্যৱহাৰ কৰি অআহিছে হাজাৰ হাজাৰ বছৰ ধৰি৷ এয়া মানুহ জাতিটোৰ বাবেই লজ্জাজনক বুলি দোহাৰে চিত্ৰশিল্পী গৰাকীয়ে৷ চিত্ৰশিল্পী বিজয় তাঁতীয়ে কয়, যি সময়ত বেটী পঢ়াও, বেটী বাচাও শ্ল’গান দিয়া হয় ঠিক তেনে সময়ত নাৰী সুৰক্ষাৰ শ্ল’গান বাস্তৱায়িত হোৱাৰ পৰিৱৰ্তে কেৱল প্ৰতি মুহূৰ্তত নাইকিয়া হোৱা পৰিলক্ষিত হৈছে৷ চিত্ৰশিল্পী পাপু ঘোষ আৰু বিতোপন মাজিয়ে সামগ্ৰিক পৰিৱেশে কেনেকৈ সমাজ ব্যৱস্থাটোক তচনচ কৰিছে সেই সন্দৰ্ভত উল্লেখ কৰে৷ তেখেতসকলে নাৰী সুৰক্ষাৰ বাবে সকলো পক্ষকে ঐক্যবদ্ধ হ’বলৈ আহ্বান জনায়৷ 

ইপিনে, প্ৰতিবাদী কাৰ্যসূচীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্য নিৰ্বাহক মহেশ্বৰ গগৈ, বোকাখাত জিলা সমিতিৰ সাংগঠনিক সম্পাদক সঞ্জীৱ দত্ত উপস্থিত থাকি চৰকাৰৰ দুৰ্বল ভূমিকা আৰু পৈশাচিক কাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ মহাভাৰতৰ যুগৰ পৰাই নাৰীৰ অধিকাৰ নাইকিয়া কৰি থকা হৈছে বুলি উল্লেখ কৰি নেতাদ্বয়ে কয় যে সৃষ্টিকৰ্তা নাৰীৰ শ্লীলতা হানি মানে নিজৰ মাতৃৰ শ্লীলতা হানি৷ এয়া কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে৷ নাৰীৰ মান-মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত চৰকাৰক কাম কৰিবলৈ আহ্বান জনোৱাৰ লগতে দোষীক উপযুক্ত দৃষ্টান্তমূলক শাস্তি দিবলৈ আহ্বান জনায়৷ 

কাজিৰঙা অধ্যয়ন চক্ৰৰ সমন্বয়ক ইন্দুপৱন শইকীয়া, বিষ্ণু পাত্ৰ, উদয় মুণ্ডা, জোনমণি কৰ্মকাৰ, যুৱ-ছাত্ৰৰ কাজিৰঙা আঞ্চলিকৰ সভাপতি মণ্টু ঘাটোৱাৰ, সম্পাদক নিৰ্মল শইকীয়া, কবি গীতিৰেখা দত্তৰ লগতে শতাধিক ৰাইজৰ উপস্থিতিত চিত্ৰশিল্পী বিজয় তাঁতী, ইঞ্জু আহমেদ, প্ৰাঞ্জল পায়েং, অকু দাস, নয়নমণি শইকীয়া, পাপু ঘোষ, বিতোপন মাজি আৰু সুমন কৰ্মকাৰে চিত্ৰ অংকন কৰে৷ পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হোৱা চিত্ৰ অংকনেৰে কৰা প্ৰতিবাদী কাৰ্যসূচী দিনৰ ১-০০ বজাত সমাপ্ত হয়৷

উত্তম কুমাৰ শৰ্মা

উত্তম কুমাৰ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

ন্যায়াধীশৰ ব্যক্তিগত নৈতিকতাৰ ভিত্তিত নাকচ কৰিব নোৱাৰিব জামিন! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ

October 1, 2026 7:42 am
চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

চৰকাৰক দুৰ্বল কৰাৰ ষড়যন্ত্ৰ! এন আই এৰ শেহতীয়া গ্ৰেপ্তাৰৰ পাছতেই বিস্ফোৰক দাবী এন বীৰেণ সিঙৰ

October 1, 2026 6:32 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

দিখৌ নদীত ভয়ংকৰ ভূমিস্খলন! ৮০ শতাংশ জলপ্ৰবাহ আৱদ্ধ হোৱাৰ আশংকাত শিৱসাগৰত হাই এলাৰ্ট

October 1, 2026 10:17 am
প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

প্ৰধানমন্ত্ৰীয়ে ক’লে ‘হিৰ”! আকাশমাৰ্গত যাত্ৰীৰ প্ৰাণ ৰক্ষা কৰা সাহসী পাইলটগৰাকী আচলতে কোন?

October 1, 2026 9:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd