NORTHEAST NOW (Assamese)

মণিপুৰত নতুনকৈ ৭৮ গৰাকী ক’ৰ’না আক্ৰান্তৰ সৈতে মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৪৭৬৫ গৰাকীলৈ বৃদ্ধি

August 19, 2020 12:07 pm · এন ই নাও নিউজ

মণিপুৰত নতুনকৈ ৭৮ গৰাকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰে আৰু ইয়াৰ ফলত মণিপুৰত মুঠ ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৪৭৬৫ গৰাকীলৈ বৃদ্ধি পায়।

মণিপুৰত ক’ৰ’না আক্ৰান্ত মুঠ লোকৰ ভিতৰত ১২২১ গৰাকী কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ লোক।

ৰাজ্যখনত মঙলবাৰে সন্ধিয়ালৈ ১৯৫৮ গৰাকী সক্ৰিয় ক’ৰ’না ৰোগী চিকিৎসাধীন হৈ আছে।

‘‘বিগত ২৪ ঘণ্টাত ৪৯ গৰাকী পুৰুষ আৰু ২৪ গৰাকী মহিলাকে ধৰি মুঠ ৭৩ গৰাকী সাধাৰণ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু ৫ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোক আক্ৰান্ত হৈছে,’’ ইম্ফলত থকা কোভিড নিয়ন্ত্ৰণ কক্ষৰ পৰা প্ৰকাশ কৰা হয়।

আনহাতে, ৰাজ্যখনত নতুনকৈ ক’ৰ’না আক্ৰান্ত লোক সকলৰ সংস্পৰ্শলৈ অহা সকলো ধৰণৰ লোকৰে প্ৰয়োজনীয় কন্টেক ট্ৰেছিঙৰ কাম কৰি থকা হৈছে।

তদুপৰি, বিগত ২৪ ঘণ্টাত ৫৫ গৰাকী লোক চিকিৎসাৰ অন্তত ৰাজ্যখনত ক’ৰ’নাৰ পৰা আৰোগ্য হৈ উঠিছে।

মুখ্য মন্ত্ৰী এন বীৰেণ সিঙে ৰাজ্যৰ সকলো স্তৰৰ জনসাধাৰণক স্বাস্থ্য বিভাগে বান্ধি দিয়া প্ৰয়োজনীয় নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে অনুৰোধ কৰিছে।

Related News