• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰীৰ অবৈধ বাংকাৰ ধ্বংস কৰাৰ পৰিকল্পনাৰ বিৰোধিতা মণিপুৰৰ জনজাতীয় মঞ্চৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 5, 2023 4:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰ চৰকাৰে অবৈধ বাংকাৰ ধ্বংস কৰাৰ সিদ্ধান্তক লৈ বিৰোধিতা হৈছে। খিলঞ্জীয়া জনজাতি নেতাৰ মঞ্চই কয় যে বাংকাৰসমূহ ধ্বংস হ’লে কুকি-জো জনজাতীয় গাঁওসমূহ “উগ্ৰ মেইটেই বন্দুকধাৰী আৰু উন্মত্ত গোট”ৰ আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হ’ব। এই সিদ্ধান্ত কুকি-জো আদিবাসীসকলৰ বাবে সুখকৰ নহয় বুলিও লগতে কোৱা হৈছে।

সোমবাৰে সন্ধিয়া ইউনিফাইড কমাণ্ডৰ এখন বৈঠকৰ অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কৈছিল যে চৰকাৰে গাঁওবাসীয়ে নিৰ্মাণ কৰা সকলো বাংকাৰ ধ্বংস কৰিবলৈ বাহিনী নিয়োগ কৰাৰ সিদ্ধান্ত লৈছে।

লগতে পঢ়ক: চকুৰ পলকতে পাহাৰৰ পৰা খহি পৰা শিলে ভাঙি পেলালে গাড়ী; মৃ্ত্যু ২জনৰ, চাওক ভিডিঅ’

Apply Now

আই টি এল এফে কয় যে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে সামৰিক বাফাৰ জ’ন স্থাপন কৰাৰ পাছতো প্ৰায় প্ৰতিদিনে জনজাতীয় গাঁওসমূহত আক্ৰমণ চলিছিল, যাৰ ফলত লোকৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰ ধ্বংস হৈছে।

জনজাতীয় সংগঠনটোৱে কয় যে মেইইটেই বসতিস্থলত বাংকাৰৰ প্ৰয়োজন নাই কাৰণ জনজাতীয় লোকে আক্ৰমণ নকৰে; কিন্তু জনজাতীয় লোকৰ বাবে বাংকাৰ অভিযানৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিৰক্ষাৰ এক অপৰিহাৰ্য অংশ।

তদুপৰি তেওঁলোকে কয় যে যিজন মুখ্যমন্ত্ৰীয়ে নিজৰ সহ নাগৰিকক ‘অবৈধ অনুপ্ৰৱেশকাৰী’ বুলি কয় আৰু ৰাজ্যিক প্ৰশাসক হোৱাৰ পিছতো এটা সম্প্ৰদায়ৰ “মুকলিকৈ পক্ষ” লয়, তেওঁক জনজাতীয়সকলে বিশ্বাস কৰিব নোৱাৰে।

লগতে পঢ়ক: ত্ৰিপ্ৰা মথাৰ মুৰব্বী প্ৰদ্যুৎ দেৱ বাৰ্মাই ত্যাগ কৰিলে ৰাজনীতি আৰু ৰাজহুৱা জীৱন

আই টি এল এফে অভিযোগ কৰি কয়, ‘সশস্ত্ৰ মেইটেই গোটে লাংজা গাঁৱত আক্ৰমণ কৰাৰ পিছত শেহতীয়াকৈ ছাগাং অঞ্চল ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীৰ পক্ষপাতিত্ব সম্পূৰ্ণৰূপে প্ৰদৰ্শিত হৈছিল। তেওঁ কেৱল মেইটেইসকলৰ ওচৰলৈ গৈ সমবেদনা জ্ঞাপন কৰিছিল, একে সময়তে ৩০টা জনজাতীয় ঘৰ জ্বলোৱা আৰু এজন নিৰস্ত্ৰ জনজাতীয় যুৱকৰ নৃশংস হত্যা আৰু মূৰ কাটি পেলোৱা ঘটনাক সম্পূৰ্ণৰূপে আওকাণ কৰিছিল।’

কোৱা হৈছে যে “হিংসা নিয়ন্ত্ৰণ কৰিবলৈ উপৰুৱা ব্যৱস্থা যথেষ্ট নহয়।” ৰাজ্যত ৰাষ্ট্ৰপতিৰ শাসন কাৰ্যকৰী কৰি সকলো পক্ষকে নিজৰ ন্যায় প্ৰদৰ্শন কৰিবলৈ কেন্দ্ৰক আহ্বান জনোৱা হৈছে। ৩ মে’ত আৰম্ভ হোৱা মণিপুৰৰৰ এই হিংসাত্মক পৰিস্থিতিত এতিয়ালৈকে ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আন আনুমানিক ৫০ হাজাৰ লোক গৃহহীন হৈছে।

ইফালে মণিপুৰত সংঘটিত হোৱা অবিৰত হিংসাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই মঙলবাৰে কয় যে শান্তি পুনৰুদ্ধাৰৰ বাবে তাৎক্ষণিক উপায় বিচাৰি উলিওৱাটো ভাৰতৰ দায়বদ্ধ আৰু আইন পালনকাৰী নাগৰিক বা সত্তাৰ দায়িত্ব।

লগতে পঢ়ক: ধনী লোকৰ কাণ্ড! বন্ধ গাড়ীত পোহনীয়া কুকুৰ থৈ চাবলৈ গ’ল তাজমহল, উশাহ নাপাই গাড়ীতে মৃত্যু প্ৰভুভক্তৰ

মণিপুৰীসকলৰ বাবে বাংকাৰ কিয় ইমান প্ৰয়োজনীয় হৈ পৰিছে? নিৰাপত্তা বাহিনী থকাৰ পিছতো মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিছত মেইটেই আৰু কুকি সম্প্ৰদায়ৰ বহু সশস্ত্ৰ লোক বাংকাৰত বাস কৰে। এই বাংকাৰবোৰ বেছিভাগেই কুকি গাঁৱৰ কাষৰ পাহাৰীয়া পাদদেশ অঞ্চলত আছে। ইয়াৰে কিছুমান লোক অতি সুশিক্ষিত। ৰাজ্যখনৰ গাঁওসমূহত এতিয়া নিজাকৈ সশস্ত্ৰ স্বেচ্ছাসেৱী গোট আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

সূৰ্য্যৰ পৃষ্ঠত প্ৰবল বিস্ফোৰণ; পৃথিৱীৰ পিনে ধাৱমান হৈছে তীব্ৰ সৌৰ ধুমুহা, ক’ত দেখা যাব মেৰুপ্ৰভা?

July 4, 2026 10:02 am
বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

বিনা যুদ্ধে নহয়, কঠিন যুঁজেৰে অন্তিম ১৬-ত প্ৰৱেশ আৰ্জেন্টিনাৰ; হৃদয়ত মচিব নোৱাৰা সাঁচ বহুৱাই থৈ গ’ল ভোজিনহাৰ কেপ ভাৰ্ডেই

July 4, 2026 8:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

৪৫ দিন ধৰি সন্ধানহীন ব্যক্তি, বাথৰুমৰ টাইলছ খান্দোতেই ওলাল উৱলি যোৱা মৃতদেহ, গ্ৰেপ্তাৰ পত্নী

July 4, 2026 11:13 am
চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

চুৰি কৰা নেকলেচ পিন্ধি ইনষ্টাগ্ৰামত পোষ্ট কৰিলে ৰীল! এবছৰৰ পাছত হাতে-লোটে ধৰা পৰিল বনকৰা মহিলা

July 4, 2026 10:42 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd