NORTHEAST NOW (Assamese)

মণিপুৰৰ হকী খেলুৱৈ চিংলেনছানা সিঙলৈ ২০১৯ বৰ্ষৰ অৰ্জুন বঁটা

August 19, 2019 5:32 pm · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

বিগত কেইবা মাহ ধৰি আঘাতৰ সমস্যাৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰ হৈ থকা মণিপুৰৰ হকী খেলুৱৈ চিংলেনছানা সিং কাংগুজামৰ বাবে সুখবৰ।

২০১৯ বৰ্ষৰ অৰ্জুন বঁটাৰ বাবে নিৰ্বাচিত হ’ল চিংলেনছানা সিং।

এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাত উৎফুল্ল হৈ পৰা চিংলেনছানা সিঙে কয়, ‘এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাতো মোৰ বাবে সন্মানৰ কথা’।

বৰ্তমান বেংগালুৰুত চিকিৎসা তথা প্ৰশিক্ষণ গ্ৰহণ কৰি থকা সিঙে কয়, ‘অলিম্পিক কোৱালিফায়াৰ্ছৰ পূৰ্বে সুস্থ হৈ উঠাটো মোৰ বাবে খুবেই প্ৰয়োজনীয়। ইতিমধ্যে মই দৌৰা আৰু জিমত যোৱা আৰম্ভ কৰিছো’।

উল্লেখ্য যে ২০০খন আন্তঃৰাষ্ট্ৰীয় মেচৰ অভিজ্ঞতা থকা এই গৰাকী খেলুৱৈয়ে যোৱা বছৰ ভূৱনেশ্বৰত অনুষ্ঠিত হোৱা বিশ্বকাপত ভাৰতীয় দলৰ উপ অধিনায়কৰ দায়িত্বত আছিল।

২০১১ চনৰ পৰাই ভাৰতীয় দলৰ নিৰ্ভৰযোগ্য তথা নিয়মীয়া খেলুৱৈ হিচাপে নিজৰ দায়িত্ব পালন কৰি অহা সিঙে ইম্ফল জিলাৰ বাচিখং গাঁৱৰ মীৰা হকী ক্লাবত পোন প্ৰথমবাৰৰ বাবে ২০০২ চনত এই খেলবিধ খেলা আৰম্ভ কৰিছিল।

দেশৰ উপৰি কেইবাটা ক্লাবৰ হৈ খেলাৰো অভিজ্ঞতা আছে মণিপুৰৰ এইগৰাকী হকী খেলুৱৈৰ।

Related News