কেন্দ্ৰৰ নতুন ডিজিটাল মিডিয়া নীতিৰ লক্ষ্য হৈ পৰিল মণিপুৰৰ প্ৰথমটো নিউজ প’ৰ্টেল

a mani

কেন্দ্ৰীয় চৰকাৰে শেহতীয়কৈ দেশৰ ডিজিটাল মিডিয়াৰ বাবে কেতবোৰ বিশেষ নীতি ঘোষণা কৰিছে।

সেই  নীতিৰ আধাৰতে শেহতীয়াকৈ মণিপুৰৰ চৰকাৰে ৰাজ্য খনৰ এটা নিউজ প’ৰ্টেললৈ প্ৰেৰণ কৰিছে  এক বিশেষ জাননী।

মণিপুৰৰ দ্য ফ্ৰণ্টিয়াৰ মণিপুৰ নামৰ প’ৰ্টেলটোলৈ পশ্চিম ইম্ফলৰ জিলা  দণ্ডাধীশ নাওৰেম প্ৰবীণে প্ৰেৰণ কৰা জাননী খনত এই বুলি কোৱা হৈছে যে প’ৰ্টেলটো কেন্দ্ৰীয় চৰকাৰে ২৫ ফেব্ৰুৱাৰীত জাৰি কৰা ডিজিটাল মিডিয়া সম্পৰ্কীয় নীতিৰ ভিত্তিত প্ৰতিষ্ঠিত হয় নে নহয় সেই বিষয়ে তথ্য সহকাৰে জনাব লাগে।

দ্য ফ্ৰণ্টিয়াৰ মণিপুৰ নামৰ প’ৰ্টেলটোৱে প্ৰতি সপ্তাহে প্ৰকাশ কৰি অহা কানাছি নেইনাছি শীৰ্ষক অনুষ্ঠানটোৰ কৰ্তৃপক্ষক উদ্দেশ্যি জাৰি কৰা জাননী খনত এই বুলি উল্লেখ কৰা হৈছে যে প’ৰ্টেলটোৱে বা-বাতৰিৰ লগতে সমসাময়িক প্ৰসংগ আদি ছ’চিয়েল মিডিয়াৰ ফেচবুক পেজৰ জৰিয়তে প্ৰচাৰ কৰি আহিছে।

এনে কৰোতে প’ৰ্টেলটোৱে যাৱতীয় কেনে নিয়ম মানি চলিছে তাৰ তথ্য-পাতি দাখিল কৰিবলৈ জিলা  দণ্ডাধীশগৰাকীয়ে নিৰ্দেশ দিছে।

উল্লেখ্য প’ৰ্টেলসমূহক নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কেতবোৰ বিশেষ নিয়মৰ কথা ঘোষণা কৰিছিল আৰু তিনি মাহৰ ভিতৰত প’ৰ্টেল সম্পৰ্কীয় এখন আইন কৰা হ’ব বুলি কৈছিল।

চৰকাৰে এনেদৰে প’ৰ্টেল সম্পৰ্কীয় নিয়ম ঘোষণা কৰাৰ পিছতে মণিপুৰৰ প’ৰ্টেলটোৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে জাননী প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য মণিপুৰৰ উক্ত প’ৰ্টেলটোৰ কাৰ্যবাহী সম্পাদক পাওজেলৈ চাওবাক কিছুদিনৰ পূৰ্বে মণিপুৰৰ আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰিছিল।

এটা অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ আঁত ধৰিয়েই তেওঁক আটক কৰা হৈছিল।

অৱশ্যে তেওঁক পিছত মুক্তি দিয়া হৈছিল।

শেহতীয়াকৈ তেওঁৰ ঘৰলৈ আৰক্ষীৰ লোক আহি প’ৰ্টেলটোৰ বৈধতা সম্পৰ্কত প্ৰশ্ন কৰা জাননী জাৰি কৰাত সম্পাদকগৰাকী আচৰিত হৈ পৰিছে।

তেওঁ মণিপুৰ চৰকাৰৰ এনে পদক্ষেপৰ বিৰুদ্ধে আদালতৰ শৰণাপন্ন হ’ব বুলি জানিবলৈ দিছে।

তেওঁ লগতে কয় যে কিছুদিন পূৰ্বে তেওঁলোকৰ প’ৰ্টেলত সংবাদ মাধ্যমৰ স্বাধীনতা সম্পৰ্কীয় এটি আলোচনা সম্প্ৰচাৰ কৰা হৈছিল। ইয়াৰ পিছতে প’ৰ্টেলটোলৈ উক্ত জাননী আহে।