NORTHEAST NOW (Assamese)

মণিপুৰত কোভিড-১৯ প’জিটিভ লোকৰ সংখ্যা প্ৰায় ৪০০০

August 13, 2020 3:57 pm · এন ই নাও নিউজ

মণিপুৰত বুধবাৰলৈ মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৩৯৮২ গৰাকীলৈ বৃদ্ধি পাইছে।

মণিপুৰৰ স্বাস্থ্য বিভাগে বুধবাৰে এই কথা উল্লেখ কৰে।

ৰাজ্যখনত এই পৰ্যন্ত মুঠ ২২৩১ গৰাকী লোকক চিকিৎসালয়ৰ পৰা আৰোগ্য হোৱাৰ পাছত মুক্তি দিয়াৰ বিপৰীতে এতিয়াও বিভিন্ন চিকিৎসালয়ত ১৭৩৯ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

আনহাতে, মণিপুৰত এই পৰ্যন্ত ১২ গৰাকী লোকৰ ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ৩৪ গৰাকী সাধাৰণ লোক আৰু ৭ গৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ লোককে ধৰি মুঠ ৪১ গৰাকী লোক কোভিড প’জিটিভ হিচাপে চিনাক্ত হৈছে।

কোভিড আক্ৰান্ত হোৱা লোক কেইগৰাকী পশ্চিম ইম্ফল, পূৱ ইম্ফল, থৌবাল, চুৰাচান্দপুৰ, ন’নেই, কাকচিং আৰু কামজোং জিলাৰ।

কোভিড প’জিটিভ আটাইকেইগৰাকী লোককে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰি থকা হৈছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জানিবলৈ দিছে।

Related News