তিহাৰ জে’লৰ পৰা দিল্লীবাসীলৈ চিঠি মনীষ চিছ’দিয়াৰ; কি লিখিলে কাৰাৰুদ্ধ আপ নেতাগৰাকীয়ে?

মনীষ ছিছ'দিয়া। ফাইল ফটোঃ সংগ্ৰহীত।

আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। যোৱা ১৩ মাহৰ পৰা তেওঁৰ নতুন ঠিকনা হৈছে কাৰাগাৰ। অৱশ্যে তেওঁৰ দৃঢ় বিশ্বাস যে তেওঁ অতি সোনকালে বন্দীত্বৰ পৰা মুক্তি পাব। সেই বাৰ্তা আৰু আশাৰে জেলৰ পৰা দিল্লীবাসীলৈ আম আদমি পাৰ্টিৰ নেতা মনীষ চিছ’দিয়াই লিখিছে এখন চিঠি।

দিল্লীৰ জনসাধাৰণ, বিশেষকৈ তেওঁৰ বিধানসভা সমষ্টিৰ বাসিন্দাসকলৰ কথা উল্লেখ কৰি চিছ’দিয়াই এই পত্ৰখন লিখিছে। চিঠিখনত তেওঁ লিখিছে, “শীঘ্ৰে দেখা পাম”। তেওঁ লগতে কয় যে তেওঁৰ দলে যিদৰে সুস্থ শিক্ষা ব্যৱস্থা আৰু বিদ্যালয়ৰ বাবে যুঁজ দি গৈছে, সেইদৰে যুঁজখন অব্যাহত থাকিব।

লগতে পঢ়কঃ ‘পুৰুষৰ দৰে বস্ত্ৰ’ পৰিধান কৰাটোৱে হৈ পৰিল অপৰাধ; ভুক্তভোগী পৰ্যটকক অসম আৰক্ষীৰ চৰম উপহাস

ইয়াৰ পিছত ছিছ’দিয়াই তেওঁৰ গ্ৰেপ্তাৰক ব্ৰিটিছ যুগত স্বাধীনতা সংগ্ৰামীক গ্ৰেপ্তাৰ কৰাৰ সৈতে তুলনা কৰিছে। চিছ’দিয়াই লিখিছে, “ব্ৰিটিছ একনায়কত্ববাদ চলাৰ পাছতো স্বাধীনতাৰ সপোন পূৰণ হৈছিল। সকলোৱে একত্ৰিত হৈ ইংৰাজৰ বিৰুদ্ধে যুদ্ধ কৰিলে। একেদৰে আমিও ভাল শিক্ষা ব্যৱস্থাৰ বাবে যুঁজ দি গৈছো। ইংৰাজসকলে নিজৰ ক্ষমতাক লৈ অহংকাৰ কৰিছিল। মিছা অভিযোগত বহু লোকক কাৰাগাৰত ভৰাই থোৱা হৈছিল। গান্ধীজী বহু বছৰ কাৰাগাৰত আছিল। নেলছন মেণ্ডেলাকো কাৰাগাৰত ভৰোৱা হৈছিল। এই সকলোবোৰ ব্যক্তিত্বই মোৰ প্ৰেৰণা।”

আপ নেতাগৰাকীয়ে লগতে লিখিছে, “উন্নত দেশ এখনত ভাল শিক্ষা, ভাল বিদ্যালয়ৰ প্ৰয়োজন। মই সুখী যে অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত সেই আন্দোলন আৰম্ভ হৈছে।”

এবছৰৰো অধিক সময় ধৰি তেওঁ নিজৰ বিধানসভা সমষ্টিৰ বাসিন্দাক সাক্ষাৎ কৰিব পৰা নাই। কিন্তু চিছ’দিয়াই তেওঁক আৰু তেওঁৰ পৰিয়াল তথা পত্নীৰ যত্ন লোৱাৰ বাবেও তেওঁলোকৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ লিখিছে, ‘মই আপোনালোক সকলোকে বহুত মিছ কৰিছো।‘

লগতে পঢ়কঃ চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

যোৱা বছৰৰ ২৬ ফেব্ৰুৱাৰীত চিবিআইয়ে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত চিছ’দিয়াক গ্ৰেপ্তাৰ কৰিছিল। এই গোচৰত কেৱল চিছ’দিয়াই নহয়, সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰা হৈছিল। মঙলবাৰে তেওঁক জামিনত মুকলি কৰি দিয়া হয়। এই গোচৰত শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আপৰ আন এজন নেতা বিজয় নায়াৰক।