• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চৰকাৰক সমালোচনা কৰি গৃহ মন্ত্ৰালয়ৰ ৰোষত দেশৰ ৫ বে-চৰকাৰী প্ৰতিষ্ঠানঃ অনুজ্ঞাপত্ৰ বাতিল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 5, 2024 3:01 pm
Home Ministry Revokes Licenses Of NGOs
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেক্ষাপটত দেশৰ গৃহ পৰিক্ৰমা দপ্তৰ৷ শেহতীয়াকৈ গীৰ্জাৰ সৈতে জড়িত ৩টা প্ৰধান এনজিঅ’ আৰু আন দুটাৰ এফচিআৰএ অনুজ্ঞাপত্ৰ বাতিল কৰিছে গৃহ মন্ত্ৰালয়ে৷

বুধবাৰে (৩ এপ্ৰিল) ৫টা বৃহৎ বেচৰকাৰী সংস্থাৰ বিদেশী অৱদান পঞ্জীয়ন আইন (এফচিআৰএ) অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পাছত গৃহ মন্ত্ৰালয়ে আইনৰ যথাযথ প্ৰক্ৰিয়াৰ অন্তত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।

Apply Now

প্ৰতিবেদন অনুসৰি, অনুজ্ঞাপত্ৰ বাতিল কৰা বেচৰকাৰী সংস্থাসমূহৰ ভিতৰত আছে চিএনআই চিন’ডিকেল ব’ৰ্ড অৱ ছ’চিয়েল চাৰ্ভিচ, ভলাণ্টেৰী হেল্থ এছ’চিয়েচন অৱ ইণ্ডিয়া (ভিএইচএআই), ইণ্ডো-গ্ল’বেল ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি, চাৰ্ছ অক্সিলিয়াৰী ফৰ ছ’চিয়েল একচন আৰু ইভানজেলিকেল ফেল’শ্বিপ অৱ ইণ্ডিয়া (ইএফআই)।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি ই এফ আইৰ সাধাৰণ সম্পাদক বিজয়েশ লালে নিশ্চিত কৰিছে যে তেওঁলোকৰ এফ চি আৰ এৰ অনুজ্ঞাপত্ৰৰ নবীকৰণৰ আবেদন নাকচ কৰা হৈছে। এই পদক্ষেপত বিজয়েশে যথেষ্ট আশ্চৰ্য প্ৰকাশ কৰে।

উল্লেখযোগ্য যে ইএফআইয়ে ভাৰতত খ্ৰীষ্টানসকলৰ বিৰুদ্ধে হোৱা আক্ৰমণৰ তথ্য সংগ্ৰহ কৰি প্ৰকাশ কৰে। সংস্থাটোৰ প্ৰতিবেদনত হিংসা, গীৰ্জা বা প্ৰাৰ্থনা সভাত হোৱা আক্ৰমণ, নিজৰ ধৰ্ম পালন কৰাসকলক হাৰাশাস্তি, সম্প্ৰদায়ৰ সম্পদৰ বৰ্জন আৰু প্ৰৱেশ সীমিত কৰা, আৰু বিশেষকৈ ‘বলপূৰ্বক ধৰ্মান্তৰকৰণ’ৰ সম্পৰ্কে ভুৱা অভিযোগ আদি বিষয় উল্লেখ কৰে।

ইতিপূৰ্বে ইএফআইয়ে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত খ্ৰীষ্টানসকলৰ ওপৰত হিংসাত্মক ঘটনা তীব্ৰভাৱে বৃদ্ধি পোৱা বুলি উল্লেখ কৰিছিল। ইপিনে এই কাৰ্যত ৰাজনৈতিক বিশ্লেষক আৰু নাগৰিক অধিকাৰ সংগঠনসমূহে কয় যে বিজেপি চৰকাৰে চৰকাৰৰ সমালোচনা কৰা সংগঠনসমূহক দমন কৰিবলৈ লোৱা পদক্ষেপৰ এয়া এটা অংশ।

তালিকাত থকা ভিএইচএআই হৈছে ২৭টা ৰাজ্যিক স্বেচ্ছাসেৱী স্বাস্থ্য সংস্থাৰ ফেডাৰেচন। ইয়াৰ ৱেবছাইট অনুসৰি ই সমগ্ৰ দেশৰ ৪৫০০ৰো অধিক স্বাস্থ্য আৰু উন্নয়ন প্ৰতিষ্ঠানক সংযোগ কৰে।

চিন’ডিকেল ব’ৰ্ড অৱ ছ’চিয়েল চাৰ্ভিচেছ চমুকৈ চিএনআইয়ে দৰিদ্ৰ আৰু শোষিতসকলৰ বাবে দৰিদ্ৰতা নিৰাময় আৰু সামাজিক ন্যায়ৰ ওপৰত কাম কৰে, মূলতঃ দলিত আৰু জনজাতীয় সম্প্ৰদায় আৰু সামাজিক আৰু অৰ্থনৈতিকভাৱে শোষিত হোৱা মহিলাসকলৰ স্বাৰ্থত বহু দিন ধৰি কাম কৰি আহিছে।

অনুজ্ঞাপত্ৰ বাতিল কৰা আন এটা বেচৰকাৰী সংস্থা হৈছে ইণ্ডো-গ্ল’বেল ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি। ইয়াৰ ৱেবছাইট অনুসৰি অনুষ্ঠানটিয়ে সত্য, ন্যায়, স্বাধীনতা আৰু সমতাৰ ওপৰত ভিত্তি কৰি মানৱীয় সামাজিক ব্যৱস্থাৰ বাবে কাম কৰে।

চাৰ্চ অক্সিলিয়াৰী ফৰ ছ’চিয়েল একচন হৈছে ভাৰতৰ অৰ্থডক্স আৰু প্ৰটেষ্টেণ্ট চাৰ্চ ছ’চাইটি গঠিত নেশ্যনেল কাউন্সিল অৱ চাৰ্চৰ সেৱা শাখা। ইয়াৰ ৱেবছাইট অনুসৰি এনজিঅ’টোৱে ‘জাতি, ধৰ্ম, লিংগ আৰু ৰাজনৈতিক সংযোগ নিৰ্বিশেষে দুখীয়াৰ ভিতৰত আটাইতকৈ দুখীয়াৰ বাবে কাম কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে চলিত বৰ্ষৰ আৰম্ভণিতে তামিলনাডুৰ দুটা খ্ৰীষ্টান সংগঠন– তামিলনাডু ছ’চিয়েল চাৰ্ভিচ ছ’চাইটি আৰু ৱৰ্ল্ড ভিজন ইণ্ডিয়াৰ এফচিআৰএ অনুজ্ঞাপত্ৰও বাতিল কৰিছিল।

ইকনমিক টাইমছৰ এক প্ৰতিবেদন অনুসৰি বিদেশী অনুদানৰ অপব্যৱহাৰৰ অভিযোগত যোৱা দুবছৰত চেণ্টাৰ ফৰ পলিচি ৰিচাৰ্চ, ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু অক্সফাম ইণ্ডিয়াকে ধৰি ১০০ৰো অধিক এন জি অ’ই এফ চি আৰ এৰ অনুজ্ঞাপত্ৰ হেৰুৱাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

নতুন বাণিজ্য যুদ্ধৰ আশংকা! ডিজিটেল কৰ আৰোপ কৰিলে ১০০ শতাংশ শুল্কৰ সকীয়নি ট্ৰাম্পৰ

June 27, 2026 11:29 am
ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

সন্তানৰ কান্দোনত অতিষ্ঠ হৈ ৬ মহীয়া শিশুক ডিঙি ৰেপি হত্যা মাতৃৰ!

June 27, 2026 12:35 pm
তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

তিনিচুকীয়াত AK-56 ৰাইফলসহ আটক দুই সন্দেহযুক্ত আলফা-স্বাধীনৰ সদস্য

June 27, 2026 12:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd