• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দলীয় দাসত্বৰ বিৰুদ্ধে নতুন বিধেয়কৰ প্ৰস্তাৱ কংগ্ৰেছ সাংসদৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 8, 2025 10:27 am
1

1

22
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি ভাৰতৰ সংসদীয় গণতন্ত্ৰত এটা অভিযোগ প্ৰচাৰ হৈ আহিছে। দলীয় হুইপৰ হেঁচাত নিৰ্বাচিত সাংসদসকলে নিজৰ মতামত প্ৰকাশ কৰিব নোৱাৰে, কোনো বিধেয়ক বা প্ৰস্তাৱৰ যুক্তিত মুক্তভাৱে অংশগ্ৰহণ কৰিব নোৱাৰে, আনকি ভোটদানৰ সময়ত ব্যক্তিগত বিবেক বা জনমত প্ৰকাশ কৰাৰ সুযোগো দিয়া নহয়। ‘দলীয় দাসত্ব’ৰ এই পৰম্পৰা ভাঙিবলৈ পুনৰ চৰ্চালৈ আহিছে কংগ্ৰেছৰ সাংসদ মনীষ তিৱাৰীৰ নতুন প্ৰচেষ্টা।

শুকুৰবাৰে লোকসভাত নিজৰ ব্যক্তিগত সদস্যৰ বিধেয়ক ( প্ৰাইভেট মেম্বাৰ্ছ বিল) উত্থাপন কৰি তিৱাৰীয়ে ঘোষণা কৰে যে দল বিৰোধী আইনখনৰ ওপৰত বৃহৎ অস্ত্ৰোপচাৰৰ সময় আহি পৰিছে। তেওঁৰ বিধেয়কখনৰ মূল কথা হ’ল চৰকাৰৰ অস্তিত্বৰ সৈতে জড়িত কেইটামান নিৰ্দিষ্ট বিষয়ৰ বাহিৰে কোনো ভোটত দলীয় হুইপ বাধ্যতামূলক নহ’ব। সাংসদসকলে মুক্তভাৱে তেওঁলোকৰ বিবেক, যুক্তি আৰু নিজৰ সমষ্টিৰ জনসাধাৰণৰ প্ৰয়োজন অনুসৰি ভোটদান কৰিব পাৰিব।

Apply Now

তিৱাৰীৰ প্রস্তাৱ অনুসৰি সাংসদসকলে আস্থা প্রস্তাৱ, অনাস্থা প্রস্তাৱ, স্থগিত ৰখা প্রস্তাৱ, মানী বিল আৰু যিকোনো বিত্তীয় বিল আদি বিশেষ বিষয়ত হুইপ অমান্য কৰিলেহে সাংসদসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পাৰিব৷ বাকীবোৰ বিষয়ত তেওঁলোক স্বাধীন।

এনে প্ৰস্তাৱ পূৰ্বে ২০১০ আৰু ২০২১ চনতো মনীষ তিৱাৰীয়ে উত্থাপন কৰিছিল। কিন্তু এইবাৰ তেওঁ অধিক জোৰ দি কয় – “সংসদৰ সদস্যসকলক একঘেয়ামী সংখ্যাত পৰিণত কৰা হৈছে। তেওঁলোক এতিয়া সাংসদ নহয়, তেওঁলোক কেৱল ‘ডিভিজন বেল’ৰ প্ৰতি সঁহাৰি জনোৱা যন্ত্ৰ।”

“গণতন্ত্ৰত চূড়ান্ত ক্ষমতা কাৰ ভোটাৰ নে দলৰ?” এনে তীক্ষ্ণ প্ৰশ্ন উত্থাপন কৰিছে তিৱাৰীয়ে। তেওঁৰ মতে, “গণতন্ত্ৰৰ চূড়ান্ত ক্ষমতা ভোটাৰৰ হাতত। ঘণ্টাৰ পিছত ঘণ্টা ৰ’দত থিয় হৈ ভোটদান কৰা ব্যক্তিয়ে বিচাৰে যে তেওঁৰ প্ৰতিনিধিয়ে স্বতন্ত্ৰ সিদ্ধান্ত লওক। কিন্তু বৰ্তমানৰ সংসদত সাংসদসকলৰ অৱস্থা ‘হুইপ পৰিচালিত দাসত্ব’ৰ বাহিৰে আন একো নহয়।” তিৱাৰীয়ে পোনপটীয়াকৈ কয় যে সংসদ এনে এখন স্থানত পৰিণত হৈছে য’ত একমাত্ৰ কাম হৈছে আইন প্ৰণয়ন কৰা নহয়, দলৰ নিৰ্দেশ পালন কৰা।

বিধেয়কখনত উল্লেখ কৰা হৈছে যে যদি কোনো বিধান উলংঘা হয় তেন্তে অধ্যক্ষ বা চেয়াৰমেনে সদনত স্বয়ংক্ৰিয়ভাৱে সদস্যপদ গুচি যোৱা বুলি ঘোষণা কৰিব। সংশ্লিষ্ট সাংসদে ১৫ দিনৰ ভিতৰত আবেদন কৰিব পাৰিব। স্পীকাৰ/চেয়াৰমেনে ৬০ দিনৰ ভিতৰত আবেদন নিষ্পত্তি কৰিব।

অৰ্থাৎ এই নতুন গাঁথনিটোৱে সমগ্ৰ প্ৰক্ৰিয়াটোলৈ স্বচ্ছতা আৰু স্পষ্টতা আনিব। বৰ্তমানৰ দলত্যাগ বিৰোধী আইনখনে ৰাজনৈতিক দলসমূহক অপৰিসীম ক্ষমতা প্ৰদান কৰিছে। ফলত সাংসদসকলে যিকোনো বিধেয়কৰ বিৰুদ্ধে যাবলৈ ভয় কৰে। দলৰ নেতাৰ নিৰ্দেশ চূড়ান্ত হৈ পৰে। প্ৰকৃত বিতৰ্ক প্ৰায় নাই। কমিটী আৰু সংসদীয় আলোচনাৰ মানদণ্ড হ্ৰাস পাইছে। তিৱাৰীয়ে দাবী কৰে যে “এই বিধেয়কখনে সংসদক পুনৰ সজীৱ কৰি তুলিব”।

তেওঁ কয় যে মোৰ লক্ষ্য হৈছে সাংসদসকলক পুনৰ ‘বিবেক, জনমত আৰু সাধাৰণ জ্ঞান’ৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱাৰ সুযোগ দিয়া। যদিও বিধেয়কখন গৃহীত হোৱাৰ সম্ভাৱনাক লৈ প্ৰশ্ন উত্থাপন হৈছে, তথাপি ইতিমধ্যে ৰাজনৈতিক মহলত আলোড়নৰ সৃষ্টি হৈছে। কেইবাজনো সাংসদে গোপনে স্বীকাৰ কৰিছে যে এই আইনখন সলনি কৰিলে সংসদ অধিক সজীৱ হৈ উঠিব। দলীয় নেতৃত্বৰ শাসন কমি যাব আৰু বিতৰ্কৰ মান বৃদ্ধি পাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

লাখ লাখ বাংলাদেশীক নিজ দেশলৈ আমন্ত্ৰণ মালয়েছিয়াৰ! কিন্তু কিয়?

August 31, 2026 1:44 pm
‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

‘মহিলাসকলে ঘৰৰ বাহিৰলৈ যোৱা উচিত নহয়’, কেৰালাৰ গ্ৰেণ্ড মুফতিৰ বিতৰ্কিত মন্তব্য

August 31, 2026 1:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

শতক বঞ্চিত হ’লেও ভংগ কৰিলে ৫৭ বছৰ পুৰণি অভিলেখ! দুলীপ ট্ৰফীৰ ছেমিফাইনেলত বৈভৱৰ তাণ্ডৱ

August 31, 2026 1:58 pm
উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

উদ্ধাৰ অভিযানৰ ষষ্ঠ দিন : নেপালৰ ভয়ংকৰ বানত মৃতকৰ সংখ্যা ৯০৩ জনলৈ বৃদ্ধি; সন্ধানহীন ৪,২৪৭

August 31, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd