মোডীজীৰ দৰে ইমান নিম্নমানৰ প্ৰধানমন্ত্ৰী দেখা নাই, পদমৰ্যাদাক তললৈ নমাই নিছে: মনমোহন সিং

এইবাৰ লোকসভাৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দীৰ্ঘদিন ধৰি কেবল ‘হিন্দু-মুছলিম’ৰ কথা কৈ আহিছে। শেহতীয়াকৈ পশ্চিমবংগত গৈও তেওঁ বাৰে বাৰে কৈছিল যে এই ৰাজ্যত হিন্দুসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ পৰিছে। মনমোহন সিং নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ চকুৰ মণি আছিল মুছলমানসকল। সকলো সুবিধাতে মুছলমানক অগ্ৰাধিকাৰ দিয়া হৈছে।

মোডীৰ এই আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে স্বল্পভাষী প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। ইউ পি এ চৰকাৰৰ দুবাৰৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ কেতিয়াও কোনো সম্প্ৰদায়ক বিভাজনৰ দৃষ্টিৰে চোৱা নাই। কোনো ধৰ্মকে আন ধৰ্মতকৈ পৃথক দৃষ্টিৰে চোৱা নাই।

লগতে পঢ়কঃ মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

অন্তিম পৰ্যায়ৰ ভোটদানৰ পূৰ্বে বৃহস্পতিবাৰে দেশবাসীলৈ লিখা এখন পত্ৰত মনমোহন সিঙে কয় যে তেওঁ এইবাৰ নিৰ্বাচনী প্ৰচাৰ অতি ভালকৈ চাই আছিল। মোডীজীয়ে সকলো সময়তে নিকৃষ্ট ঘৃণামূলক ভাষণ দি আহিছে। যিটো অতি বিভাজনকাৰী ৰাজনীতি। সেই পদৰ মৰ্যাদা হ্ৰাস কৰা দেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী মোদীজী। তেওঁ প্ৰধানমন্ত্ৰীৰ পদৰ মৰ্যাদাৰ যি গুৰুত্ব তাক ম্লান কৰিছে।

দেশৰ আন কোনো প্ৰধানমন্ত্ৰী ইমান নিকৃষ্ট নাছিল। এই দাবী কৰি মনমোহনে লিখিছে, তেওঁ যিদৰে অসংসদীয় আৰু নিম্নমানৰ কথা ক’লে সেয়া ক’ব নোৱাৰি। তেওঁৰ ভাষণৰ ভাষা এটা নিৰ্দিষ্ট গোট বা বিৰোধীক লক্ষ্য কৰি লোৱা হৈছিল। মোৰ বিষয়েও ভুল কথা কৈছিল।

মনমোহনে লিখিছে, মই জীৱনত কেতিয়াও এটা সম্প্ৰদায়ক আনৰ সৈতে পৃথকে দেখা নাই। এয়া বিজেপিৰ বিশেষাধিকাৰ আৰু তেওঁলোক তাতেই অভ্যস্ত।

লগতে পঢ়কঃ সেনা শিবিৰত আক্ৰমণৰ অভিযোগত আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ছয়জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

মনমোহন সিঙে দেশবাসীক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁৰ আবেদন জনাই কয় যে কেৱল কংগ্ৰেছেহে দেশৰ উন্নতি আৰু প্ৰগতিশীল ভৱিষ্যতৰ নিশ্চয়তা দিব পাৰে। সংবিধান অক্ষত ৰাখিবলৈ বদ্ধপৰিকৰ কংগ্ৰেছ। মই হাতযোৰ কৰি দেশবাসীলৈ আহ্বান জনাইছো, শান্তি, সাম্প্ৰদায়িক সম্প্ৰীতি, সৌহাৰ্দ্য, ভাতৃত্ববোধৰ পৰিবেশ ঘূৰাই আনক। বৰ্তমান এই বিভেদকামী শক্তিৰ পৰা দেশক ৰক্ষা কৰাটো দেশৰ প্ৰতিজন ব্যক্তিৰ কৰ্তব্য।

আল্লামা ইকবালৰ কবিতাৰ এটা শাৰী উদ্ধৃতি দি প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে চিঠিখনৰ শেষত লিখিছে, ফিৰ উঠি আখিৰ সদা তৌহিদ কি পঞ্জাব ছে, হিন্দ কো এক মৰ্দ-ই-কামিল নে জগয়া ফিৰ খোয়াব ছে। জয়হিন্দ।