• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘মৌন’ মনমোহনৰ ধাৰাল বাক্যবাণ! ‘প্ৰধানমন্ত্ৰী পদৰ এক বিশেষ মৰ্যাদা আছে’: সোঁৱৰালে মোদীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 17, 2022 5:31 pm
Manmohan Singh Blasts PM Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধীৰ-স্থিৰ, ধৈৰ্য্যশীল আৰু মৌন ব্যক্তি হিচাপে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ এক বিশেষ সুনাম আছে। ধাৰাল বাক্যবাণেৰে মুখৰ হৈ পৰা মনমোহন সিঙৰ ছবি তেনেই বিৰল। কিন্তু কেন্দ্ৰৰ মোদী চৰকাৰৰ মিথ্যাচাৰিতা, অবিবেচকী আৰু টোঘলকী কাণ্ডৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে এইগৰাকী মৌন ব্যক্তি।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ ওপৰত এক বিৰল অথচ তীব্ৰ সমালোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকী।

Apply Now

মোদী তথা কেন্দ্ৰীয় চৰকাৰখনে সন্মুখীন হোৱা প্ৰতিটো সমস্যাৰ বাবে জৱাহৰলাল নেহৰুক দোষাৰোপ কৰাৰ স্বভাৱসিদ্ধ প্ৰৱণতাক ভৎসৰ্না কৰি মনমোহন সিঙে মোদীক প্ৰধানমন্ত্ৰীৰ পদ মৰ্যাদা সোঁৱৰাই দিয়ে।

প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয় যে কংগ্ৰেছে কেতিয়াও ৰাজনৈতিক লাভালাভৰ বাবে দেশখনক বিভক্ত কৰা নাই বা সত্য লুকুৱাই ৰখা নাই।

“এফালে, মানুহে মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ সন্মুখীন হৈছে, আনহাতে, বৰ্তমানৰ চৰকাৰে তেওঁলোকৰ ভুল স্বীকাৰ কৰা আৰু সেইবোৰ সংশোধন কৰাৰ সলনি যোৱা চাৰে সাত বছৰ ধৰি শাসনত থকাৰ পাছত এতিয়াও প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক জনতাৰ সমস্যাৰ বাবে দোষাৰোপ কৰি আছে।” ড০ সিঙে কয়।

“মই অনুভৱ কৰোঁ যে প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদাৰ এক বিশেষ গুৰুত্ব আছে। প্ৰধানমন্ত্ৰীয়ে নিজা ব্যৰ্থতা ঢাকিবলৈ ইতিহাসক দোষাৰোপ কৰাৰ সলনি মৰ্যাদা বজাই ৰখা উচিত। যেতিয়া মই ১০ বছৰ প্ৰধানমন্ত্ৰী আছিলো, মই কথাৰ পৰিৱৰ্তে কামত গুৰুত্ব দিছিলো। মই কেতিয়াও দেশক বিশ্বৰ সন্মুখত সন্মান হেৰুৱাবলৈ নিদিওঁ।মই কেতিয়াও ভাৰতৰ গৌৰৱক ভূলণ্ঠিত কৰা নাছিলো।” তেওঁ কয়।

“মোৰ বিৰুদ্ধে দুৰ্বল, নিমাত আৰু দুৰ্নীতিগ্ৰস্ততাৰ মিছা অভিযোগ উত্থাপন কৰা বিজেপি আৰু ইয়াৰ সাঙ্গো-পাঙ্গোৰ প্ৰকৃত স্বৰূপ আজি দেশৰ সন্মুখত উন্মোচিত হৈছে।”

সমগ্ৰ বিশ্বজুৰি অৰ্থনীতিবিদ হিচাপে অগাধ ব্যুৎপত্তি থকা ড৹ সিঙে চৰকাৰৰ অৰ্থনৈতিক আৰু বৈদেশিক নীতিৰো তীব্ৰ সমালোচনা কৰে।

“বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অৰ্থনৈতিক নীতিৰ কোনো জ্ঞান নাই। এই বিষয়টো কেৱল ৰাষ্ট্ৰৰ মাজত সীমাবদ্ধ নহয়। চৰকাৰখন বৈদেশিক নীতিৰ ক্ষেত্ৰতো ব্যৰ্থ হৈছে। আমাৰ সীমান্তত চীনৰ আগ্ৰাসনৰ পাছতো চৰকাৰে ইয়াক অস্বীকাৰ কৰাৰ চেষ্টা কৰিছে।” ড০ সিঙে কয়।

তেওঁ লগতে কয়, “মই আশা কৰোঁ যে প্ৰধানমন্ত্ৰীয়ে বুজি পাইছে যে নেতাসকলক বলপূৰ্বক আলিঙ্গন কৰি বা তেওঁলোকক বিৰিয়ানী খুৱাই বৈদেশিক নীতি পৰিচালনা কৰিব নোৱাৰি।”

ড০ সিঙে বিজেপি নেতৃত্বাধীন চৰকাৰক ভুৱা ৰাষ্ট্ৰীয়তাবাদী আখ্যা দিয়াৰ লগতে বিভাজনমূলক নীতি গ্ৰহণ কৰা বুলি অভিযোগ কৰে।

“আমি কেতিয়াও ৰাজনৈতিক লাভালাভৰ বাবে দেশখনক বিভক্ত কৰা নাছিলো। আমি কেতিয়াও সত্যক গাপ দিবলৈ চেষ্টা কৰা নাছিলো। আমি কেতিয়াও দেশৰ সন্মান বা প্ৰধানমন্ত্ৰীৰ পদমৰ্যাদা কলুষিত কৰা নাছিলো। আজিৰ জনসাধাৰণ বিভক্ত হৈ আছে। এই চৰকাৰৰ ভুৱা ৰাষ্ট্ৰীয়তাবাদ ফোঁপোলা আৰু বিপদজনক। তেওঁলোকৰ জাতীয়তাবাদ ব্ৰিটিছৰ বিভাজন আৰু শাসন নীতিৰ ওপৰত আধাৰিত। সাংবিধানিক প্ৰতিষ্ঠানসমূহ এই চৰকাৰৰ আমোলত দুৰ্বল হৈ পৰিছে।” তেওঁ কয়।

আনহাতে বিজেপি চৰকাৰৰ অৰ্থনৈতিক নীতিত স্বাৰ্থপৰতা আৰু লোভৰ নীতি সোমাই আছে বুলিও সমালোচনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “তেওঁলোকৰ স্বাৰ্থৰ বাবে তেওঁলোকে মানুহক বিভক্ত কৰিছে আৰু মানুহক নিজৰ মাজতে যুঁজত লিপ্ত কৰাইছে।”

তদুপৰি যোৱা বৰ্ষৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত কৃষকৰ প্ৰতিবাদৰ পিছতে ‘প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘন’ হোৱা বুলি যি অভিযোগ উত্থাপন হৈছিল, সেই সন্দৰ্ভতো মত পোষণ কৰে ড৹ সিঙে।

তেওঁ কয়, “কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰীৰ নিৰাপত্তা উলংঘনৰ নামত পঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চন্নী আৰু ৰাজ্যখনৰ জনসাধাৰণক বদনাম কৰাৰ চেষ্টা কৰা হৈছিল। কৃষক আন্দোলনৰ সময়তো পঞ্জাৱ আৰু পঞ্জাৱৰ জনসাধাৰণক বদনাম কৰাৰ চেষ্টা কৰা হৈছিল। বিশ্বই পাঞ্জাৱীসকলৰ সাহসিকতা, দেশপ্ৰেম আৰু ত্যাগক অভিবাদন জনাইছে, কিন্তু এন ডি এ চৰকাৰে এই বিষয়ে কোনো শব্দ উচ্চাৰণ নকৰে।”

পঞ্জাৱৰ এজন ব্যক্তি হিচাপে, এজন প্ৰকৃত ভাৰতীয় হিচাপে চৰকাৰৰ এই অবিবেচকী কাণ্ডই তেওঁক গভীৰভাৱে আঘাত দিছে বুলি ক্ষোভ উজাৰে মনমোহন সিঙে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd