তিতাবৰ কংগ্ৰেছত ব্যাপক খহনীয়া ।আজি যোৰহাটত যোগদান কাৰ্যসূচীত বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান।
জিলা যুৱ কংগ্ৰেছ প্ৰাক্তন উপ-সভাপতি,পঞ্চায়ত সভাপতি,আঞ্চলিক সদস্য সহ বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।
যোৰহাট জিলা বিজেপি কাৰ্যালয়ত জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস,সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ,উপ-সভাপতি কুমুদ কচাৰীৰ উপস্হিতিত অনুস্হিত সভাত যোগদান কৰে। বিজেপিত
যোগদান কৰা কংগ্ৰেছী সকলৰ প্ৰতি জনেই তিতাবৰ সমষ্টিৰ।
ইয়াৰ ভিতৰত চৰাইপানি পঞ্চায়তৰ সভানেত্ৰী,উপ-সভানেত্ৰী,আঞ্চলিক পঞ্চায়তৰ সদস্য আদি আছে।