NORTHEAST NOW (Assamese)

তিতাবৰ কংগ্ৰেছত ব্যাপক খহনীয়া, বহু নেতা-কৰ্মীৰ বিজেপিত যোগদান

July 25, 2021 9:03 pm · নিৰ্মলেন্দু পাঠক

তিতাবৰ কংগ্ৰেছত ব্যাপক খহনীয়া ।আজি যোৰহাটত যোগদান কাৰ্যসূচীত বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান।

জিলা যুৱ কংগ্ৰেছ প্ৰাক্তন উপ-সভাপতি,পঞ্চায়ত সভাপতি,আঞ্চলিক সদস্য সহ বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপিত যোগদান কৰে।

যোৰহাট জিলা বিজেপি কাৰ্যালয়ত জিলা বিজেপিৰ সভাপতি কামাখ্যা মোহন দাস,সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ,উপ-সভাপতি কুমুদ কচাৰীৰ উপস্হিতিত  অনুস্হিত সভাত যোগদান কৰে। বিজেপিত

যোগদান কৰা কংগ্ৰেছী সকলৰ প্ৰতি জনেই  তিতাবৰ সমষ্টিৰ।

ইয়াৰ ভিতৰত চৰাইপানি পঞ্চায়তৰ সভানেত্ৰী,উপ-সভানেত্ৰী,আঞ্চলিক পঞ্চায়তৰ সদস্য আদি আছে।

Related News